ৰাছিয়া নে আমেৰিকা? এফ-৩৫ নে ছু-৫৭? নতুন যুদ্ধ বিমান ক্ৰয়ৰ বাবে ভাৰতৰ পছন্দ কোন হ’ব?
বৰ্তমান ভাৰতে নিজৰ বায়ুসেনাক অধিক শক্তিশালী কৰাৰ কৌশলৰ কাম কৰি আছে। বিশেষকৈ চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান বায়ু শক্তিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক অনতিপলমে এক শক্তিশালী অস্ত্ৰৰ প্ৰয়োজন।

নিজৰ বায়ুসেনাক অধিক শক্তিশালী কৰাৰ বাবে সাজু হৈছে ভাৰত। খবৰ অনুসৰি ভাৰতে এতিয়া পঞ্চম প্ৰজন্মৰ ছুপাৰ এডভান্সড যুঁজাৰু বিমান ক্ৰয়ৰ প্ৰস্তুতি চলাইছে। প্ৰতিৰক্ষা সচিব আৰ.কে. সিঙে যোৱা ৫ জুলাই শনিবাৰে এই কথাৰ স্পষ্ট ইংগিত দিছিল। তেওঁ কয় যে ভাৰতে নিজৰ বন্ধু দেশৰ পৰা এনে উচ্চ প্ৰযুক্তিৰ জেট বিমান ক্ৰয় কৰাৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰি আছে। এই খবৰটোৰ বিশেষ তাৎপৰ্যও আছে, কাৰণ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অতি সোনকালে ভাৰত ভ্ৰমণ কৰিবলৈ আহিব। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ভাৰতে কোনখন দেশৰ জেট বিমান বাছি ল’ব আৰু চুক্তি কি হ’ব?
ভাৰতক কিয় লাগে নতুন যুদ্ধ বিমান?
বৰ্তমান ভাৰতে নিজৰ বায়ুসেনাক অধিক শক্তিশালী কৰাৰ কৌশলৰ কাম কৰি আছে। বিশেষকৈ চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান বায়ু শক্তিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক অনতিপলমে এক শক্তিশালী অস্ত্ৰৰ প্ৰয়োজন। ভাৰতে নিজাকৈ থলুৱা পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান AMCA (এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট) নিৰ্মাণ কৰি আছে। কিন্তু ইয়াক সাজু হ’বলৈ আৰু বায়ুসেনাত অন্তৰ্ভুক্ত হ’বলৈ ৮-১০ বছৰ লাগিব পাৰে। তেতিয়ালৈকে ভাৰতক এনে এক অন্তৱৰ্তীকালীন সমাধানৰ প্ৰয়োজন যিয়ে নিজৰ বায়ু শক্তি বজাই ৰাখিব। প্ৰতিৰক্ষা সচিবগৰাকীয়ে স্পষ্টভাৱে কয় যে পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান ক্ৰয় কৰাটো ভাৰতৰ শক্তিক নতুন উচ্চতালৈ লৈ যোৱা এক কৌশলগত পদক্ষেপ হ’ব।
আমেৰিকাৰ এফ-৩৫ নে ৰাছিয়াৰ ছু-৫৭, কোনখন ভাৰতৰ প্ৰিয় হ’ব?
প্ৰতিৰক্ষা সচিবে কোনো দেশৰ নাম উল্লেখ কৰা নাই, কিন্তু খবৰ অনুসৰি আমেৰিকাই ভাৰতক নিজৰ এফ-৩৫ যুঁজাৰু বিমানখনৰ প্ৰস্তাৱ দিছে। আনহাতে ৰাছিয়াই ছু-৫৭ ষ্টীল্থ জেট বিমানৰ প্ৰস্তাৱ দিছে। ৰাছিয়াৰ ছু-৫৭ হৈছে টুইন ইঞ্জিন তথা বহু ভূমিকাযুক্ত ষ্টীল্থ জেট, ছুপাৰছনিক গতি, উচ্চ প্ৰযুক্তিৰ এভিয়নিকছ আৰু ইলেক্ট্ৰনিক যুদ্ধৰ প্ৰচণ্ড ক্ষমতাৰে সজ্জিত এই বিমান। ৰাছিয়াই ইয়াক বিশ্বৰ অন্যতম উন্নত জেট বিমান বুলি গণ্য কৰে। ইতিমধ্যে ভাৰতে এই জেটখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে যদিও কিছু কাৰিকৰী অসুবিধা আৰু অংশীদাৰিত্বৰ সমস্যাৰ বাবে বিষয়টো আগবাঢ়িব পৰা নাছিল। আনহাতে, আমেৰিকাৰ এফ-৩৫ ষ্টীল্থ প্ৰযুক্তি আৰু অত্যাধুনিক বৈশিষ্ট্যৰ বাবেও বিখ্যাত। এতিয়া ভাৰতৰ সন্মুখত প্ৰশ্নটো হ’ল এই দুখনৰ ভিতৰত কাক বাছি ল’ব?
ছেপ্টেম্বৰ মাহত পুটিনৰ ভাৰত ভ্ৰমণ
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা চুক্তিৰ ওপৰত ডাঙৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে। ছু-৫৭ৰ সৈতে ভাৰতক বিশেষ অফাৰ দিছে ৰাছিয়াই। ৰাছিয়াই কয় যে যদি ভাৰতে ছু-৫৭ ক্ৰয় কৰে তেন্তে এই জেটখনৰ প্ৰযুক্তি ট্ৰেন্সফাৰ কৰাই নহয়, ইয়াৰ ছ’ৰ্চ ক’ডো শ্বেয়াৰ কৰিব। কেৱল এয়াই নহয়, ৰাছিয়াই ভাৰতৰ এ এম চি এ কাৰ্যসূচীত কাৰিকৰী সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছে। লগতে মেক ইন ইণ্ডিয়াৰ অধীনত ভাৰতত জেট বিমান উৎপাদনৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কয় যে যদি ৰাছিয়াই এই চুক্তিত নমনীয়তা দেখুৱায় তেন্তে ছু-৫৭ ভাৰতৰ বাবে গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব পাৰে।
যুঁজাৰু বিমান বাছনি কৰাটো কেৱল প্ৰযুক্তিৰ কথা নহয়
প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে ভাৰতৰ বাবে পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান বাছনি কৰাটো কেৱল প্ৰযুক্তিৰ বিষয় নহয়। ই এক কৌশলগত আৰু ভূ-ৰাজনৈতিক সিদ্ধান্তও। ৰাছিয়াৰ সৈতে ভাৰতৰ পুৰণি আৰু বিশ্বাসযোগ্য প্ৰতিৰক্ষা সম্পৰ্ক আছে, আনহাতে আমেৰিকাৰ সৈতে প্ৰতিৰক্ষা অংশীদাৰিত্ব শেহতীয়া বছৰবোৰত দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ভাৰতে এই চুক্তি কোনখন দেশৰ সৈতে আগুৱাই নিব লাগে সেই সন্দৰ্ভত সযতনে সিদ্ধান্ত ল’ব লাগিব। ছু-৫৭ বা এফ-৩৫ বাছনি কৰাৰ সিদ্ধান্তই দীৰ্ঘদিন ধৰি ভাৰতৰ বৈদেশিক নীতি আৰু প্ৰতিৰক্ষা কৌশলত প্ৰভাৱ পেলাব।
অৱশ্যে ভাৰতে ছু-৫৭ বা এফ-৩৫ৰ কোনখন বাছি ল’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াসকলে দুয়োখন জেট বিমানৰ বৈশিষ্ট্য, মূল্য আৰু কৌশলগত সুবিধাৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰি আছে। বিশেষজ্ঞসকলে কয় যে এএমচিএ সাজু নোহোৱালৈকে ভাৰতক এনে এখন জেটৰ প্ৰয়োজন যিয়ে কেৱল বায়ু শক্তি বৃদ্ধি কৰাই নহয়, থলুৱা এএমচিএ কাৰ্যসূচীকো সমৰ্থন কৰে। পুটিনৰ ভ্ৰমণৰ পিছত এই দিশত এটা ডাঙৰ ঘোষণা হ’ব পাৰে।