শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ অধিকাৰত থকা পানী ভাৰততে বৈ থাকিবঃ পাকিস্তানক লক্ষ্য কৰি হুংকাৰ মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান সময়ত সংবাদ মাধ্যমত পানীক লৈ যথেষ্ট চৰ্চা হৈছে। আগতে ভাৰতৰ পানী বাহিৰলৈ গৈছিল যদিও এতিয়া ভাৰতৰ পানী কেৱল ভাৰতৰ ভিতৰতহে বৈ থাকিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে যি পানীৰ ওপৰত ভাৰতৰ অধিকাৰ থাকিব, সেয়া কেৱল ভাৰতৰ পক্ষতে থাকিব বুলি হুংকাৰ দিয়ে।

ভাৰতৰ অধিকাৰত থকা পানী ভাৰততে বৈ থাকিবঃ পাকিস্তানক লক্ষ্য কৰি হুংকাৰ মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 07 May 2025 00:19 AM

পহলগাম আক্ৰমণৰ পিছতে ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনা ক্ৰমাৎ এতিয়া অধিক বৃদ্ধি পাইছে। এনে উত্তেজনাৰ মাজতে ভাৰত চৰকাৰে চিভিল ডিফেন্স মক ড্ৰিল অনুষ্ঠিত কৰা নিৰ্দেশ দিয়াৰ পিছত যুদ্ধৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। তেনে সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এক ব্যক্তিগত চেনেলৰ অনুষ্ঠানত সিন্ধু জল চুক্তিক লৈ পাকিস্তানক পৰোক্ষভাৱে তীব্ৰ আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই বক্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান সময়ত সংবাদ মাধ্যমত পানীক লৈ যথেষ্ট চৰ্চা হৈছে। আগতে ভাৰতৰ পানী বাহিৰলৈ গৈছিল যদিও এতিয়া ভাৰতৰ পানী কেৱল ভাৰতৰ ভিতৰতহে বৈ থাকিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে যি পানীৰ ওপৰত ভাৰতৰ অধিকাৰ থাকিব, সেয়া কেৱল ভাৰতৰ পক্ষতে থাকিব বুলি হুংকাৰ দিয়ে।

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ ঠিক পিছদিনাই ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। তদুপৰি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আন বহু কঠিন কুটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছিল। ১৯৬০ চনত ভাৰত আৰু পাকিস্তানৰ মাজত এই সিন্ধু জল চুক্তি স্বাক্ষৰিত হৈছিল। আক্ৰমণৰ পিছত ভাৰতে চুক্তি স্থগিত ৰাখি চেনাব নদীৰ পানী পাকিস্তানৰ দিশে বৈ যোৱাৰ পথ বন্ধ কৰি দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে এই কাৰ্যসূচীত আন বহু বিষয়ৰ ওপৰতো আলোচনা কৰে। তেওঁ কয়, “দশক দশক ধৰি আমাৰ নদীৰ পানী উত্তেজনা আৰু সংঘাতৰ বিষয় হৈ আছিল যদিও আমাৰ চৰকাৰে নদীসমূহক সংযোগ কৰাৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়াসকলৰ স্বাৰ্থক আমাৰ চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে।”

তেওঁ লগতে কয়, “এটা সময় আছিল যেতিয়া কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে বিশ্বই কি ভাবিব আৰু ভোট বেংকৰ ক্ষতি হ’ব নেকি বুলি চিন্তা কৰিছিল। স্বাৰ্থৰ বাবে ডাঙৰ ডাঙৰ সিদ্ধান্ত আৰু সংস্কাৰ পিছুৱাই গৈ আছিল। সিদ্ধান্ত গ্ৰহণৰ এটা নিৰ্দিষ্ট মাপকাঠী থাকিলেহে দেশ আগুৱাই যায় বুলি উল্লেখ কৰি মোদীয়ে লগতে ভাৰতে যোৱা এটা দশক ধৰি এই নীতি মানি চলি আহিছে আৰু ইয়াৰ ফলা দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰে।

“ডাঙৰ ডাঙৰ সিদ্ধান্ত ল’বলৈ আৰু আমাৰ লক্ষ্যত উপনীত হ’বলৈ দেশৰ স্বাৰ্থক সৰ্বোচ্চ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। দেশৰ শক্তিৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগে, কিন্তু দুৰ্ভাগ্যজনকভাৱে দশক দশক ধৰি আমাৰ দেশত বিপৰীত ধাৰা এটাই বিৰাজ কৰিছিল আৰু তাৰ বাবে দেশখনে বহু ক্ষতিগ্ৰস্ত হৈছিল।”- নিজ ভাষ্যত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এইদৰে উল্লেখ কৰে।