শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বগা টি-চাৰ্ট, আগে আগে সোণম, পিছে পিছে ৰাজা…পৰ্যটকৰ কেমেৰাত বন্দী হত্যাকাণ্ডৰ পূৰ্বৰ ভিডিঅ’

Raja Raghuvanshi Last Video Viral: ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো ৰাজাৰ হত্যাৰ ঠিক আগৰ।  ভুলবশতঃ এজন পৰ্যটকৰ কেমেৰাত বন্দী কৰা হয় ৰাজা-সোণমক। ভিডিঅ'টোত সোণমক বগা টি-চাৰ্ট পিন্ধি আগবাঢ়ি যোৱা দেখা গৈছে। আনহাতে, ৰাজা তেওঁৰ পিছফালে খোজ কাঢ়ি গৈ আছে।

বগা টি-চাৰ্ট, আগে আগে সোণম, পিছে পিছে ৰাজা…পৰ্যটকৰ কেমেৰাত বন্দী হত্যাকাণ্ডৰ পূৰ্বৰ ভিডিঅ’
পৰ্যটকৰ কেমেৰাত বন্দী ৰাজা হত্যাকাণ্ডৰ পূৰ্বৰ ভিডিঅ’
trishna-kalita
Trishna Kalita | Updated On: 16 Jun 2025 09:52 AM

ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ২৪ দিন পাৰ হৈ গ’ল।  সম্প্ৰতি ৰাজাৰ হত্যাকাণ্ডৰ গোচৰত আৰক্ষীৰ ৰিমাণ্ডত আছে ৰাজাৰ পত্নীসহ পাঁচজন অভিযুক্ত। ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে ৰাজাৰ পত্নীৰ সোণমে। ইয়াৰ মাজতে এতিয়া ৰাজা হত্যাৰ ঠিক পূৰ্বৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত স্বামী-স্ত্ৰীক এজন পৰ্যটকৰ কেমেৰাত ট্ৰেক কৰা দেখা গৈছে। ৰাজা আৰু সোণম দুয়োজনেই ট্ৰেকিঙত গৈ আছিল। আনহাতে, এজন পৰ্যটকে নিজৰ ফোনত ভিডিঅ’ বনাই আছিল। তেওঁৰ কেমেৰাত একেলগে দেখা গ’ল ৰাজা আৰু সোণমক।

ভিডিঅ’টোত সোণমক আগত থকা দেখা গৈছে, আনহাতে ৰাজা আছে পিছফালে। সোণমে পিন্ধিছিল এটা বগা টি-চাৰ্ট। ৰাজাই বগা শ্লীবলেচ টি-চাৰ্ট  পিন্ধিছিল। শ্বিলং ভ্ৰমণলৈ যোৱা এজন ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে ডাবল ডেকাৰ দলং ভ্ৰমণৰ সময়ত যেতিয়া তেওঁ ভিডিঅ’ বনাই আছিল তেতিয়া ৰাজা আৰু সোণম ৰঘুবংশী তেওঁৰ ফ্ৰেমত বন্দী হৈছে। দুয়ো ওপৰলৈ গৈ আছিল। দাবী কৰা হৈছে যে সোণেমে সেই একেটাই বগা চাৰ্ট পিন্ধিছিল, যিটো পিছত ৰাজা ৰঘুবংশীৰ মৃতদেহৰ ওচৰত উদ্ধাৰ হয়।

দেৱ সিং নামৰ এই ব্যক্তিজনে ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- “মই ২০২৫ চনৰ ২৩ মে’ত মেঘালয় ডাবল ডেকাৰ ৰুট ব্ৰীজলৈ ভ্ৰমণলৈ গৈছিলো আৰু ভিডিঅ’টো ৰেকৰ্ডিং কৰিছিলো। কালি ভিডিঅটো চাই থাকোঁতে ইন্দোৰৰ সেই দম্পতীৰ ৰেকৰ্ডিং পাইছিলোঁ। আমি নামি যাওঁতে ৰাতিপুৱা প্ৰায় ৯:৪৫ বাজিছিল আৰু ৰাজা-সোণমে নংগ্ৰিয়াট গাঁৱত নিশাটো কটাই ওপৰলৈ গৈ আছিল।” ভিডিঅ’টো শ্বেয়াৰ কৰা ব্যক্তিজনে আৰু লিখিছে- “মই ভাবো তেওঁলোকৰ এইটোৱেই আছিল শেষ ৰেকৰ্ডিং। সোণমে পিন্ধিছিল একেটা বগা চাৰ্ট যিটো ৰাজাৰ লগত পোৱা গৈছিল। আশাকৰোঁ ইয়াৰ দ্বাৰা মেঘালয় আৰক্ষীয়ে গোচৰটো সমাধান কৰাত সহায় হ’ব।”

 

View this post on Instagram

 

A post shared by Dev (@m_devsingh)

ভিডিঅ’টোত ৰাজা ৰঘুবংশীক চাই দেৱ সিঙে লিখিছে, “যেতিয়াই ভিডিঅ’টোত ৰাজাক দেখিছিলো তেতিয়াই তেওঁৰ বাবে বহুত বেয়া লাগিছিল। তেওঁক স্বাভাৱিক দেখা গৈছিল যদিও তেওঁ নাজানিছিল যে তেওঁৰ বাবে কি অপেক্ষা কৰি আছে। মোৰ আন এটা ভিডিঅ’ আছে য’ত ইন্দোৰৰ আন ৩ জন লোককো দেখা পোৱা যায়, যিসকলে এই দুজনৰ ২০ মিনিট আগতে যাত্ৰা আৰম্ভ কৰিছিল আৰু আৰক্ষীৰ হাতত ধৰা পৰিছিল।”