ৰাজাৰ মৃত্যুৰ কেইমিনটমান পূৰ্বৰ ভিডিঅ’ ভাইৰেল, ৩ অভিযুক্তই এনেকৈ কৰিছিল অনুসৰণ…
পুনৰ পোহৰলৈ আহিছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ লগত জড়িত এটা ভিডিঅ'। এই ভিডিঅ'টোত দেখা গৈছে ৰাজা ৰঘুবংশী কাণ্ডৰ তিনি অভিযুক্তক।

বৰ্তমান চৰ্চাত আছে ৰাজা ৰঘুবংশী হত্যাকাণ্ড। এই নৃশংস কাণ্ডৰ তদন্ত চলি থকাৰ সময়তে পোহৰলৈ আহিছে আন এটা ভিডিঅ’। শেহতীয়াকৈ এটা ভিডিঅ’পোহৰলৈ আহিছিল য’ত দেখা গৈছিল যে সোণমে আগে আগে গৈ আছে আৰু ৰাজা পিছে পিছে। এতিয়া পোহৰলৈ আহিছে এই হত্যাকাণ্ডৰ অভিযুক্তৰ ভিডিঅ’। পৰ্যটকৰ কেমেৰাত বন্দী হোৱা ভিডিঅ’ত দেখা গৈছে এই হত্যাকাণ্ডৰ অভিযুক্তক। এই ভিডিঅ’টো হত্যাকাণ্ডৰ কেইমিনিটমান আগৰ। ইয়াত দেখা গৈছে বিশাল ওৰফে বিকি ঠাকুৰ, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুতে ট্ৰেকিং কৰি আছে।
তিনিওজন অভিযুক্তই ট্ৰেকিং কৰা ভিডিঅ’টোত বিশালক সন্মুখত খোজ কাঢ়ি থকা দেখা গৈছে, আনহাতে আনন্দ পিছফালে, তাৰ পিছত আকাশ ৰাজপুত। তিনিওজনে হাতত লাঠি লৈ আছে।
View this post on Instagram
এই ভিডিঅ’টো ২৩ মে’ৰ দুপৰীয়া ২ বজাৰ আগৰ। বিশালৰ চকুৰ গতিবিধি চাই বুজিব পাৰি যে অপৰাধ সংঘটিত কৰাৰ আগতে তেওঁ কিমান নিৰ্ভীক আছিল। ইয়াৰোপৰি এই ভিডিঅ’ৰ দ্বাৰা বুজি পোৱা যায় যে সোণমে কোৱাৰ দৰে অভিযুক্তই তেওঁলোকৰ পাছে পাছে ট্ৰেকিং কৰি আছিল। তাৰ পাছতে ৰাজাক হত্যা কৰি মৃতদেহটো দ’ খাৱৈত পেলাই দিছিল। অভিযোগ অনুসৰি বিশালে প্ৰথমে ৰাজাক আক্ৰমণ কৰিছিল আৰু সেই সময়ত ওচৰত থিয় দি আছিল সোণম ৰঘুবংশী।
পোহৰলৈ অহা তথ্য অনুসৰি ৰাজাকে দাৰে আক্ৰমণ কৰি হত্যা কৰিছিল অভিযুক্তই। এই দাখন অভিযুক্তই ১৯ মে’ গুৱাহাতী ৰে’ল ষ্টেচনৰ বাহিৰৰ পৰা ক্ৰয় কৰিছিল। তাৰ পাছত তেওঁলোক শ্বিলঙলৈ গৈছিল। পৰিকল্পনা অনুসৰি তেওঁলোকে ৰাজাক হত্যা কৰিছিল। এই হত্যাকাণ্ডত এতিয়ালৈকে ৫ জন লোক গ্ৰেপ্তাৰ হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, বিগত মাহৰ ১১ মে’ত সোণম আৰু ৰাজাৰ বিয়া হৈছিল। তাৰ পাছতে দুয়ো হানিমুনৰ বাবে মেঘালয়লৈ আহিছিল। কিন্তু এই সময়চোৱাতে ২৩ মে’ত সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজে ষড়যন্ত্ৰ কৰি ৰাজাক হত্যা কৰে। প্ৰথম অৱস্থাত সোণম আৰু ৰাজা নিৰুদ্দেশ হৈ আছিল যদিও ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল।
প্ৰথম অৱস্থাত সোণম নিৰুদ্দেশ হোৱা বুলি অনুমান কৰা হৈছিল। কিন্তু ৮ জুনত উত্তৰ প্ৰদেশৰ গাজিপুৰৰ পৰা গ্ৰেপ্তাৰ হয় সোণম। লগতে গ্ৰেপ্তাৰ হয় ৰাজ কুছৱাহা, বিশাল, আনন্দ আৰু আকাশ। এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল ৰাজ। লগতে তেওঁক সহায় কৰিছিল সোণমে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান শ্বিলং আৰক্ষীয়ে তদন্ত চলাই আছে। তদন্তৰ অন্তত অধিক তথ্য় পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ সোণমে দিছিল নিৰ্দেশ, বিশালে কৰিছিল প্ৰথম প্ৰহাৰ! ন-পত্নীৰ বৰ্বৰতাৰ ভয়ংকৰ তথ্য…