অসমৰ সম্প্ৰীতি বিনষ্ট কৰাৰ অনুমতি কাকো দিয়া নহয়, ধুবুৰীত ডিজিপিৰ কঠোৰ সকীয়নি
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধুবুৰী ভ্ৰমণ কৰা ডিজিপি সিঙে কয় যে ৰাজ্য চৰকাৰে শান্তি বিঘ্নিত কৰাৰ কোনো প্ৰচেষ্টা বা কোনো ধৰ্মীয় আৱেগক অসন্মান কৰাটো সহ্য নকৰে।

ক্ৰমবৰ্ধমান উত্তেজনা আৰু অসমৰ সামাজিক সম্প্ৰীতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা শেহতীয়া কেতবোৰ ঘটনাৰ মাজতে সোমবাৰে ধুবুৰী ভ্ৰমণ কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে। এই উত্তেজনা নিৰ্মূলৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিবৃতি প্ৰকাশ কৰে ডিজিপি সিঙে।
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ধুবুৰীত উপস্থিত হৈছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পুনৰ ধুবুৰী ভ্ৰমণ কৰা সিঙে কয় যে ৰাজ্য চৰকাৰে শান্তি বিঘ্নিত কৰাৰ কোনো প্ৰচেষ্টা বা কোনো ধৰ্মীয় আৱেগক অসন্মান কৰাটো সহ্য নকৰে।
ধুবুৰীত সংবাদ মাধ্যমক সম্বোধন কৰি সিঙে কয়, ‘‘মই দেখাৰ দৰে বৰ্তমানৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অসমৰ মুখ্যমন্ত্ৰী নিজেই ইয়ালৈ আহিছিল, মই তেওঁৰ লগত আহিছিলো, আৰু আজিও মই তেওঁৰ নিৰ্দেশ অনুসৰি আহিছো।’‘
তেওঁ স্পষ্ট সতৰ্কবাণী জাৰি কৰি কয়, “কোনো ধৰণৰ আইন-শৃংখলা বিঘ্নিত কৰিবলৈ কাকো দিয়া নহ’ব। অসমৰ সম্প্ৰীতি ভংগ কৰিবলৈ বা কোনো ধৰ্ম বা ধৰ্মীয় স্থানক অসন্মান কৰিবলৈ কাকো অনুমতি দিয়া নহ’ব। আইনৰ অধীনত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
শেহতীয়াকৈ দুষ্কৃতিকাৰীয়ে অশান্তি বিয়পোৱাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰি সিঙে স্পষ্ট কৰি দিয়ে যে অসমৰ শান্তিপূৰ্ণ অগ্ৰগতিৰ সৈতে আপোচ কৰা নহ’ব। তেওঁ লগতে কয়, ‘‘অসমত আমি যিদৰে প্ৰগতি আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰোঁ, সেই প্ৰগতি আৰু শান্তিপূৰ্ণ জীৱনত কোনোৱে ব্যাঘাত জন্মাবলৈ চেষ্টা কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়।‘‘
এই ভ্ৰমণৰ সময়চোৱাত ডিজিপিয়ে বিভিন্ন সম্প্ৰদায় আৰু ধৰ্মীয় গোটৰ প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয়। সিঙে কয়, “মই এটা অতি স্পষ্ট বাৰ্তা দিছো আৰু তেওঁলোকক কৈছো যে এনে কাৰ্যৰ সৈতে ক’ত আৰু কোন জড়িত সেই বিষয়ে নিজৰ সম্প্ৰদায়ৰ ভিতৰত কথা পাতিব লাগে, আৰু তথ্য লৈ আগবাঢ়ি আহিব লাগে।‘‘
তেওঁ জোৰ দি কয় যে ধুবুৰীৰ পৰিস্থিতি শান্ত আৰু স্বাভাৱিক হৈয়ে আছে। জনসাধাৰণক উৰাবাতৰিৰ চিকাৰ নহ’বলৈ আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনাই তেওঁ নিশ্চিত কৰে যে, “সম্পূৰ্ণ শান্তিয়ে বিৰাজ কৰিছে। বজাৰ মুকলি হৈছে । সকলো স্বাভাৱিক ৰূপত আছে।”
এক গুৰুত্বপূৰ্ণ সময়ত ডিজিপি সিঙে এই মন্তব্য কৰিছে । ৰাজ্যখনৰ সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত ঐক্য আৰু সক্ৰিয়তাৰে জনসাধাৰণৰ অংশগ্ৰহণৰ আহ্বান জনাইছে তেওঁ । সাম্প্ৰদায়িক প্ৰৰোচনাৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ স্থিতি প্ৰতিফলিত কৰিছে সিঙৰ বক্তব্যই।