TV9 ASSAM
বৰ্তমান ছবি গৃহত চলি আছে অক্ষয় কুমাৰ, অভিষেত বচ্চন আদিৰ দ্বাৰা অভিনীত ছবি হাউচফুল-৫। এই ছবিখন মুক্তি লাভৰ প্ৰায় ১১ টা দিন সম্পূৰ্ণ। কিন্তু এইবাৰো এই ছবিৰ বাজেট দুৰ্বল দেখা যায়।
২৫৫ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে হাউচফুল-৫ । ছবিখনে ১১ নম্বৰ দিনত ভাৰতত আয় কৰিছে মাত্ৰ ৪.২৫ কোটি টকা। ইয়াৰ বিপৰীতে বিশ্বব্যাপী আয় ১০ দিনত ২৪৪ কোটি টকা।
ছবিখনত বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে। এই ছবিখন ফ্লপ হোৱাৰ পিনে গতি কৰিলেও অভিষেক বচ্চনৰ বাবে লাভ হ'বলৈ গৈ আছে। এক কথাত তেওঁৰ বাবে আছে এক ভাল খবৰ।
এই ছবিখন অভিষেক বচ্চনৰ সৰ্বাধিক আয় কৰা ছবিৰ তালিকাত আছে। যাৰ বাবে এই ছবিখন অভিষেকৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে।
অভিষেক বচ্চনৰ সৰ্বাধিক আয় কৰা ছবিৰ শীৰ্ষত আছে ধুম-৩ । এই ছবিখনে ভাৰতত ২৮৪.২৭ কোটি টকা আয় কৰিছিল।
ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত আছে হেপ্পী নিউ ইয়েৰ। এই ছবিখনে ১৯৯.৯৫ কোটি টকা ব্যৱসায় কৰিছিল। ছবিখনত শ্বাহৰুখ , দীপিকা পাডুকন আদিয়েও অভিনয় কৰিছিল।
তেওঁৰ সৰ্বাধিক আয় কৰা ছবিৰ তালিকাত এতিয়া অন্তৰ্ভুক্ত হৈছে হাউচফুল-৫ । এই ছবিখন ৩ নম্বৰত আছে। ছবিখনে এতিয়ালৈকে কেৱল ভাৰতত ১৫৮.৫০ কোটি আয় কৰিছে।
পঢ়িবলৈ ক্লিক কৰকল