গৰমত কেনে ধৰণৰ খাদ্য খাব নালাগে জানক...

17 June 2025

TV9 ASSAM

গৰমত শৰীৰ ডিহাইড্ৰেইট হৈ যায়। যাৰ প্ৰভাৱ আমাৰ পাচন ক্ৰিয়াত পৰে। এনে পৰিস্থিতি গৰমৰ দিনত বেছিকৈ মানুহৰ গেছ, ডায়েৰিয়া, বমি, পেট বিষ আদি হ'ব পাৰে।

গৰম আৰু পেট

গৰমত কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে খাদ্যৰ বাবে পেট বেয়া হ'ব  পাৰে। গতিকে গৰমত কি কি খাদ্য খোৱা বেয়া এই লেখাটোত উল্লেখ কৰা হ'ল।

খাব নালাগে

ডায়টেশ্যিয়ন পৰমজিত কৌৰে কয় যে, গৰমত খাদ্য সোনকালে নষ্ট হৈ যায়। ফ্ৰীজত ৰখাৰ পাছতো খাদ্য়ত বেক্টেৰিয়া আহে। তেনে স্থলত বাহি খাদ্য খোৱাৰ ফলত ফুড পইজনিং, বমি, ডায়েৰিয়া হ'ব  পাৰে।

বাহি খাদ্য

গৰমত বেছি তেলযুক্ত খাদ্য পাচন হ'বলৈ বহু সময় লাগে। যাৰ ফলত গেছ, এচিডিটি, পেট ফুলা আদি সমস্যা হ'ব পাৰে। গৰমত পাচন ক্ৰিয়া লেহেমীয়া হয়,যাৰ বাবে পেট বেয়া হয়।

তেলযুক্ত 

বহু সময় ধৰি কাটি থৈ দিয়া ফল বা চালাদ খাব নালাগে। ইয়াক মুকলিকৈ বা ফ্ৰীজত থোৱাৰ পাছতে বেক্টেৰিয়া আহে। এনে অৱস্থাত এয়া খালে সংক্ৰমণ হ'ব  পাৰে।

ফল

গৰমত পৰিষ্কাৰ পানী খোৱা অতি প্ৰয়োজন। বাহিৰৰ লেতেৰা পানী বা বটলত থকা পুৰণি পানী খালে পেট বেয়া হ'ব  পাৰে। ইয়াৰ ফলত টায়ফইড, ফুড পইজনিং,ডায়েৰিয়া আদি হ'ব  পাৰে।

পানী

গৰমত মচলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। মচলাযুক্ত খাদ্যই পাচনক্ৰিয়া প্ৰভাৱিত কৰে। যাৰ ফলত পেট জলা পোৰা, গেছ আদি সমস্যাৰ সৃষ্টি হ'ব  পাৰে।

মচলাযুক্ত

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত  কিমান