শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Vice president Poll 2025: ৰাখীবন্ধনৰ পাছতহে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম নিশ্চিত কৰিব এন ডি এই

Vice president Poll 2025: অহা ৯ ছেপ্টেম্বৰত দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বৰ্তমানলৈকে কোনো ৰাজনৈতিক শক্তিয়েই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। শাসকীয় এন ডি এই বিৰোধীৰ সৈতে প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে আলোচনা কৰাৰ সম্ভাৱনা আছে। ৰাখীবন্ধনৰ পাছতহে পৰিষ্ফূট হ'ব ছবিখন।

Vice president Poll 2025: ৰাখীবন্ধনৰ পাছতহে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম নিশ্চিত কৰিব এন ডি এই
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন (প্ৰতীকী ছবি)Image Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 06 Aug 2025 17:01 PM

জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছতে দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিক লৈ ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হৈছে। অহা ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। অৱশ্যে ইয়াৰ বাবে এতিয়ালৈকে কোনো মিত্ৰজোঁটে প্ৰাৰ্থী ঘোষণা কৰা নাই। সূত্ৰই জনোৱা মতে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু এন ডি এ শিথিল হৈ পৰিছে। তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচনত খৰখেদা কৰিব নিবিচাৰে।

চৰকাৰৰ হাতত জয়ী হ’বলৈ প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা আছে, গতিকে প্রার্থী নির্ধাৰণ কৰিবলৈ এন ডি এৰ কোনো খৰখেদা নাই। কোৱা হৈছে যে ৰাখীবন্ধনৰ পিছত এন ডি এত প্ৰাৰ্থীৰ নাম সন্দৰ্ভত একক পৰ্যায়ৰ আলোচনা আৰম্ভ হ’ব। লগতে চৰকাৰে প্ৰাৰ্থী নিৰ্ণয় কৰাৰ পূৰ্বে বিৰোধী নেতাৰ সৈতে কথা পাতিব।

বিৰোধীৰ সৈতে সহমত গঢ়ি তোলাৰ প্ৰয়াস

প্ৰথমে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম সন্দৰ্ভত একমত গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব, ইয়াৰ বাবে বিৰোধী নেতাৰ সৈতেও কথা পতাৰ প্ৰয়াস কৰা হ’ব। কেন্দ্রৰ একাংশ জ্যেষ্ঠ মন্ত্রীয়ে জ্যেষ্ঠ বিৰোধী নেতাৰ সৈতে উপ-ৰাষ্ট্ৰপতিৰ নাম সন্দৰ্ভত আলোচনা কৰি একমত গঢ়াৰ অভিযান আৰম্ভ কৰিব। আলোচনাৰ দায়িত্ব সেইসকল জ্যেষ্ঠ মন্ত্ৰীক দিয়া হ’ব যিসকলৰ বিৰোধী নেতাৰ সৈতে ভাল যোগাযোগ আৰু সুসম্পৰ্ক আছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, বিৰোধী নেতাৰ সৈতে কথা পাতি উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম সন্দৰ্ভত একমত গঢ়ি তোলাৰ দায়িত্ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক দিয়া হ’ব পাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকলেও এন ডি এৰ মিত্ৰ দলৰ সৈতে কথা পাতিব পাৰে।

অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন

অহা ৯ ছেপ্টেম্বৰত দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়েও বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যুটীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত কঠিন যুঁজৰ আশা কৰা হৈছে।

যোৱা মাহত ২১ জুলাইত জগদীপ ধনখড়ে অভাৱনীয়ভাৱে পদত্যাগ কৰিছিল। স্বতন্ত্ৰ ভাৰতত এনেধৰণৰ ঘটনা প্ৰথম আছিল যেতিয়া এজন নেতাই উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই পদত্যাগ কৰিছিল। লগতে তেওঁ কোনো উচ্চ পদৰ দাবী কৰা নাছিল। পদত্যাগ কৰাৰ সময়ত ধনখড়ৰ কাৰ্যকাল ২ বছৰতকৈও অধিক সময় বাকী আছিল।

এতিয়ালৈকে দুবাৰকৈ পদত্যাগৰ ঘটনা সংঘটিত হৈছে

ইয়াৰ পূৰ্বে ভি ভি গিৰি (১৯৬৯) আৰু আৰ ভেংকটাৰমণে (১৯৮৭) উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ পদত্যাগ কৰিছিল যদিও দুয়োজনে কিছু সময়ৰ পাছত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল।

যোৱা সপ্তাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে ১৭ সংখ্য়ক উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। কাইলৈ অৰ্থাৎ ৭ আগষ্টত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ ২১ আগষ্ট ধাৰ্য কৰা হৈছে। আয়োগৰ মতে যদি ভোটদানৰ প্ৰয়োজন হয় তেন্তে ৯ ছেপ্টেম্বৰত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ ৰুম নং এফ-১০১ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। একেদিনাই ঘোষণা কৰা হ’ব ফলাফল।

নিৰ্বাচনী কলেজত কাৰ কি পদ আছে

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী কলেজত লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকল অন্তৰ্ভুক্ত। ৰাজ্যসভাৰ মনোনীত সদস্যসকলেও এই নিৰ্বাচনত ভোটদান কৰিব পাৰে। ইয়াৰ পিছত নিৰ্বাচনৰ বাবে নিৰ্বাচনী কলেজত ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ ১২ জন মনোনীত সদস্য আৰু ৫৪৩ জন লোকসভাৰ সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে।

বৰ্তমান ৰাজ্যসভাত ৬খন আৰু লোকসভাত এখন আসন খালী হৈ আছে, যাৰ বাবে নিৰ্বাচনী কলেজৰ কাৰ্যকৰী সদস্যৰ সংখ্যা ৭৮১ আৰু যদিহে সকলো যোগ্য ভোটাৰে ভোটদান কৰে, তেন্তে বিজয়ী প্ৰাৰ্থীক ৩৯০টা ভোটৰ প্ৰয়োজন হ’ব। এই নিৰ্বাচনত এন ডি এই সফলতা লাভৰ সম্ভাৱনা আছে।

কোনবোৰ ৰাজ্যত আসন খালী?

লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত পশ্চিম বংগৰ বাছিৰহাটৰ আসন খালী, আনহাতে ২৪৫ জনীয়া ৰাজ্যসভাত ৬ খন আসন খালী। শেহতীয়াকৈ শিবু সোৰেনৰ মৃত্যুৰ লগে লগে খালী আসনৰ সংখ্যা ৬খনলৈ বৃদ্ধি পাইছে।

ৰাজ্যসভাত খালী হোৱা ৬ খন আসনৰ ভিতৰত ৪ খন জম্মু-কাশ্মীৰৰ আৰু এখনকৈ পঞ্জাৱ আৰু ঝাৰখণ্ডৰ। লোকসভাত বিজেপি নেতৃত্বাধীন এন ডি এৰ সমৰ্থনত আছে ৫৪২ জন সদস্যৰ ভিতৰত ২৯৩ জন সদস্য। ৰাজ্যসভাত এন ডি এৰ সমৰ্থনত আছে ১২৯ জন সদস্য (কাৰ্যকৰী সদস্য সংখ্যা ২৪০)। এইদৰে শাসকীয় মিত্ৰজোঁটৰ সমৰ্থনত আছে মুঠ ৪২২ জন সদস্য।