জীৱনটো নৰক হ’লহেঁতেন… ৰেখা-অমিতাভৰ সম্পৰ্কক লৈ কি কলে জয়াই?
মনত বাঢ়ি অহা গোপন প্ৰেমৰ বাবে ৰেখাই এতিয়াও যন্ত্ৰণাত ভুগি আছে নেকি... এনে বহু প্ৰশ্নই বলীউডৰ জগতখন গৰম কৰি ৰাখে। অমিতাভ আৰু ৰেখাক লৈ প্ৰেমৰ বহুতো কথা বিয়পি পৰিছে...

ৰেখা-অমিতাভ বচ্চন, বলীউডৰ অন্যতম চৰ্চিত যুটি । যোৱা চাৰি দশক ধৰি দুয়ো বাতৰিৰ শিৰোনাম দখল কৰিছে। আজিও দৰ্শকে বিচাৰে দুয়োকে একেলগে পৰ্দালৈ ঘূৰি অহাটো! অমিতাভ বচ্চনক লৈ জয়া সুখী নে? বাঢ়ি অহা গোপন প্ৰেমৰ বাবে ৰেখা এতিয়াও যন্ত্ৰণাত ভুগি আছে নেকি? এনে প্ৰশ্নৰ উত্তৰ বলীউডৰ ভিতৰৰ বিয়পি আছে। অমিতাভ ৰেখাক লৈ নানান জল্পনা-কল্পনাই নহয়, বহু কাহিনীও বিয়পি আছে। কেতিয়াবা জয়াৰ ভাবুকি, কেতিয়াবা চকুপানী, কিন্তু সঁচাকৈয়ে কোনো সমস্যা চলি আছে নেকি দুয়োৰে মনত?
এক সাক্ষাৎকাৰত জয়া বচ্চনে স্বামীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ কথা উল্লেখ কৰে। বহু বিতৰ্কিত সম্পৰ্কৰ বিষয়ে তেওঁ মুকলিকৈ কয়। ৰেখা-অমিতাভৰ প্ৰেম সঁচা আছিল নেকি? প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “যদি সেইটো সঁচা হ’লহেঁতেন, তেন্তে তেওঁ আন ঠাইত থাকিলহেঁতেন? দৰ্শকে তেওঁলোকক অন-স্ক্ৰীণ দম্পতী হিচাপে ভাল পায়। সংবাদ মাধ্যমে তেওঁৰ নাম প্ৰতিগৰাকী নায়িকাৰ সৈতে জড়িত কৰিবলৈ চেষ্টা কৰিছিল। মই যদি তেওঁলোকক গুৰুত্ব দিলোহেঁতেন তেন্তে মোৰ জীৱনটো নৰক হ’লহেঁতেন।”
জয়া বচ্চনৰ উত্তৰত স্পষ্ট হৈ পৰে যে অমিতাভৰ লগত ৰেখাৰ নামটো জড়িত থকাত কোনো সমস্যা নাছিল। এনে সম্পৰ্কক লৈ তেওঁ কেতিয়াও বেছি আমনি কৰা নাছিল।