নিশা হ’লেই ভৰি টানিবলৈ ধৰে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক…
বহু লোকে নিশা শুবলৈ গ’লে হঠাতে তেওঁলোকৰ শিৰা বা পেশীবোৰ টনা যেন অনুভৱ হয়। কেতিয়াবা, শুই থকাৰ সময়ত শিৰাবোৰ টানিবলৈ ধৰে। এই সমস্যাক সাধাৰণতে ভৰিৰ ক্ৰেম্প বুলি কোৱা হয়। তথাপিও এয়া কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে।

বহু লোকে নিশা শুবলৈ গ’লে হঠাতে তেওঁলোকৰ শিৰা বা পেশীবোৰ টনা যেন অনুভৱ হয়। কেতিয়াবা, শুই থকাৰ সময়ত শিৰাবোৰ টানিবলৈ ধৰে। এই সমস্যাক সাধাৰণতে ভৰিৰ ক্ৰেম্প বুলি কোৱা হয়। তথাপিও এয়া কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। এই বিশেষ সবিশেষ জানো আহক…
কিয় ভৰি টানিবলৈ ধৰে?
১) ৰক্ত সঞ্চালনৰ সমস্যা – ভৰিৰ ৰক্ত সঞ্চালনত ব্যাঘাত জন্মিলে শিৰাবোৰৰ ওপৰত চাপ পৰা বাবে টানিব পাৰে।
২) ইলেক্ট্ৰলাইটৰ অভাৱ – শৰীৰত পটাছিয়াম, কেলচিয়াম বা মেগনেছিয়ামৰ অভাৱ হ’লে স্নায়ু আৰু পেশীবোৰে সঠিকভাৱে কাম কৰিব নোৱাৰে। ফলত নিশা ক্ৰেম্প হয়।
৩) ডিহাইড্ৰেচন – শৰীৰত পানী কম হ’লে শিৰা আৰু পেশীত টনা যেন অনুভৱ কৰাটো স্বাভাৱিক।
৪) বয়সৰ লগত জড়িত কাৰক – বয়স বঢ়াৰ লগে লগে পেশীবোৰ দুৰ্বল হৈ পৰে, সিৰাবোৰৰ স্থিতিস্থাপকতাও কমি যায়, যাৰ ফলত নিশা অধিক টানিবলৈ ধৰে।
৫) অত্যধিক সময় থিয় হোৱা বা খোজ কঢ়া – গোটেই দিনটো ভাগৰুৱা হৈ থাকিলে ৰাতি শুবলৈ যাওঁতে পেশীৰ টানিব পাৰে।
ই কি কি প্ৰধান ৰোগৰ লক্ষণ হ’ব পাৰে?
১) ভৰি টানি ধৰাটো সদায় সাধাৰণ কাৰণ নহয়, কেতিয়াবা ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ হব পাৰে।
২) ডায়েবেটিছ – ডায়েবেটিছে স্নায়ু দুৰ্বল কৰে (Neuropathy), যাৰ ফলত ভৰিৰ বিষ, জিনজিনাই আৰু টানিবলৈ ধৰে।
৩) ভেৰিক’জ ভেইনচ – শিৰাবোৰ ফুলিলে বা মোটা হ’লে তেজ জমা হৈ ভৰিৰ শিৰাত টানি ধৰা আৰু বিষ হ’ব পাৰে।
৪) ডিপ ভেইন থ্ৰম্ব’ছিছ (DVT) – শিৰাৰ ভিতৰত যদি তেজ জমা হয় তেন্তে হঠাতে ভৰিৰ টানি ধৰা, বিষ আৰু ফুলা হ’ব পাৰে। এইটো এটা অতি বিপদজনক অৱস্থা।
৫) পেৰিফেৰেল আৰ্টেৰী ডিজিজ (PAD) – ধমনীত তেজৰ সোঁতত বাধা আহিলে খোজ কঢ়াৰ সময়ত আৰু ৰাতি শুই থকাৰ সময়ত বিষ হ’ব পাৰে।
৬) স্নায়ুজনিত ৰোগ (Neurological disorder) – কিছুমান স্নায়ুজনিত বিকাৰ যেনে ছাইটিকা বা স্নায়ু সংকোচনেও ৰাতি বিষৰ সৃষ্টি কৰিব পাৰে।
৭) বৃক্কৰ সমস্যা – বৃক্কৰ ৰোগে শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা সৃষ্টি কৰে, যাৰ ফলত সঘনাই ভৰিৰ ক্ৰেম্প হয়।