শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৫০ মিটাৰ তলত বাগৰি পৰিল বাহন, যাত্ৰী আছিল ১৩ গৰাকী, সৰহ সংখ্য়কৰেই মৃত্যু

মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত জিলা সদৰৰ পৰা প্ৰায় ৫২ কিলোমিটাৰ নিলগত এই দুৰ্ঘটনা সংঘটিত হয়। বাহনখন খাৱৈত পৰি যোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। এই দুৰ্ঘটনাত ৭ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে।

১৫০ মিটাৰ তলত বাগৰি পৰিল বাহন, যাত্ৰী আছিল ১৩ গৰাকী, সৰহ সংখ্য়কৰেই মৃত্যু
দ খাৱৈত পৰিল বাহনImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 15 Jul 2025 22:38 PM

উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। মুৱানীৰ পৰা বকতালৈ যোৱা এখন বাহনে নিয়ন্ত্ৰণৰ হেৰুৱাই ১৫০ মিটাৰ দ’ খাৱৈত পৰে। এই দুৰ্ঘটনা সংঘটিত হৈছে সোণী দলঙৰ সমীপত। লাভ কৰা তথ্য অনুসৰি বাহনখনত মুঠ ১৩ গৰাকী যাত্ৰী আছিল, ইয়াৰে ৭ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন কিছুমান গুৰুতৰভাৱে আহত হৈছে।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে পিথোৰাগড় জিলা আৰক্ষী-প্ৰশাসনৰ দল সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক খাৱৈৰ পৰা উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। প্ৰাথমিক অনুসন্ধানত বাহনখন নিয়ন্ত্ৰণহীন হৈ বাগৰি যোৱাৰ সন্দেহ কৰা হৈছে।

তথ্য অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত জিলা সদৰৰ পৰা প্ৰায় ৫২ কিলোমিটাৰ নিলগত এই দুৰ্ঘটনা সংঘটিত হয়। বাহনখন খাৱৈত পৰি যোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। এই দুৰ্ঘটনাত ৭ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। একে সময়তে আন কেইগৰাকীমান যাত্ৰী গুৰুতৰভাৱে আহত হয়। স্থানীয় গাঁওবাসী আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান চলোৱা চলাই তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হয়।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ধামীয়ে

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ পোষ্টত কয়, “পিথোৰাগড় জিলাৰ মুৱানী অঞ্চলত সংঘটিত হোৱা বাহন দুৰ্ঘটনাৰ অতি দুখজনক খবৰ পাইছো। দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক এই অপৰিসীম যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আহতসকলৰ সঠিক চিকিৎসাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশনা দিয়া হৈছে। সকলোৰে আশুআৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।”

দুৰ্ঘটনাত মৃত্যু ৭ জন যাত্ৰীৰ

সেই স্থানত উপস্থিত স্থানীয় লোকে বাহনখন পথটোৰে পাৰ হৈ যোৱাৰ কথা জানিবলৈ দিয়ে। অলপ পিছতে বাহনখন ১৫০ ফুট দ খাৱৈত পৰে। খৰখেদাকৈ আৰক্ষী-প্ৰশাসনক খবৰ দি খাৱৈত নামি আহতসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে গাঁওবাসীয়ে। তেতিয়ালৈকে আৰক্ষী-প্ৰশাসনৰ দলটোও সেই স্থানত উপস্থিত হয়। এই পৰ্যন্ত এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কিছু লোক আহত হৈছে।