নিমিষাৰ মৃত্যুদণ্ড স্থগিত, ৮ কোটি টকাই ৰক্ষা কৰিব পাৰিব নে ভাৰতীয় নাৰ্ছগৰাকীৰ জীৱন?
য়েমেনৰ ন্যায় বিভাগে কাৰাগাৰ কৰ্তৃপক্ষক নিমিষা প্ৰিয়াক ১৬ জুলাইত ফাঁচী দিবলৈ কৈছিল।নিমিছাৰ বিৰুদ্ধে ব্যৱসায়িক অংশীদাৰ আব্দো মাহদীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্যে যে ২০০৮ চনত কেৰালাৰ পৰা য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াৰ বিৰুদ্ধে ২০১৭ চনত তালাল আব্দো মাহদীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

য়েমেনৰ কাৰাগাৰত স্থগিত ৰখা হৈছে নিমিষা প্ৰিয়াৰ ফাঁচী। নিমিষাৰ পৰিয়াল আৰু ভুক্তভোগী তালাল আব্দো মাহদীৰ পৰিয়ালৰ মাজত ব্লাড মানি সন্দৰ্ভত কোনো চূড়ান্ত চুক্তি নোহোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ফাঁচী স্থগিত ৰখাৰ তথ্য প্ৰদান কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই দিছে। সূত্ৰ অনুসৰি নিমিষা গোচৰৰ ভুক্তভোগী আব্দো মাহদিৰ পৰিয়ালৰ সৈতে কথা পাতিছে গ্ৰেণ্ড মুফতি আবুবকাৰ আহমেদে। প্ৰথম দিনাৰ কথা-বতৰা ইতিবাচক আছিল, যাৰ বাবে এতিয়াও অধিক আলোচনাৰ সুযোগ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ফাঁচীৰ কাম পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ পূৰ্বে য়েমেনৰ ন্যায় বিভাগে কাৰাগাৰ কৰ্তৃপক্ষক নিমিষা প্ৰিয়াক ১৬ জুলাইত ফাঁচী দিবলৈ কৈছিল। নিমিছাৰ বিৰুদ্ধে ব্যৱসায়িক অংশীদাৰ আব্দো মাহদীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্যে যে ২০০৮ চনত কেৰালাৰ পৰা য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াৰ বিৰুদ্ধে ২০১৭ চনত তালাল আব্দো মাহদীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল তেওঁক। ফাঁচীৰ তাৰিখো এই মাহত ঘোষণা কৰা হৈছিল।
ইয়াৰ পিছত নিমিষাক বচাবলৈ প্ৰচেষ্টা তীব্ৰতৰ হৈ পৰে। গঠন কৰা হৈছে নিমিষা প্ৰিয়া আন্তঃৰাষ্ট্ৰীয় পৰিষদ নামৰ এটা সংগঠন। যিটো ব্লাড মানি সন্দৰ্ভত অহৰহ সক্ৰিয় হৈ আছে। প্ৰকৃততে য়েমেনৰ শ্বৰীয়ত আইনত কোৱা হৈছে যে ভুক্তভোগীৰ পৰিয়ালে ইচ্ছা কৰিলে ধন লৈ দোষীক ক্ষমা কৰিব পাৰে।
ইফালে নিমিষাক বচাবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ পৰা আৰম্ভ কৰি গ্ৰেণ্ড মুফতি আবুবকাৰ আহমেদ আৰু নিমিষাৰ পৰিয়াললৈকে সকলোৱে বিভিন্ন ধৰণেৰে প্ৰচেষ্টা চলাইছে। বহুদিনৰ ধৰি য়েমেনত আছে নিমিষাৰ মাতৃ। ভাৰত চৰকাৰে য়েমেনৰ সৈতে অহৰহ কূটনৈতিক ধৰণেৰে যোগাযোগ বজাই ৰাখিছিল, যাৰ ফলত নিৰ্ধাৰিত মৃত্যুদণ্ডৰ ঠিক আগতে নিমিষাক সকাহ দিয়া হৈছে।
ডাঙৰ প্ৰশ্ন – ইয়াৰ পিছত কি হ’ব?
অৱশ্যে এতিয়া কেৱল নিমিষা প্ৰিয়াৰ ফাঁচীৰ তাৰিখ পিছুৱাই দিয়া হৈছে। ফাঁচী বন্ধ কৰা নাই। অৰ্থাৎ এতিয়াও আছে বিপদ । ভাৰতীয় বিষয়া আৰু গ্ৰেণ্ড মুফতিয়ে য়েমেনত থকা তালাল আব্দোৰ পৰিয়ালক পতিয়ন নিয়াবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। নিমিষাৰ পৰিয়ালেও তালালৰ পৰিয়ালক ১০ লাখ ডলাৰ (প্ৰায় ৮.৫ কোটি) দিয়াৰ প্ৰস্তাৱ দিছে। অৱশ্যে ব্লাড মান্তি হ’ব নে নহয় সেয়া তালালৰ পৰিয়ালে ল’ব এই সিদ্ধান্ত। যদি তালালৰ পৰিয়ালে সম্পূৰ্ণৰূপে নাকচ কৰে, তেন্তে আন কোনো বিকল্প নাথাকিব।
লগতে পঢ়ক: কাইলৈ ফাঁচী, য়েমেনত ভাৰতৰ নিমিষাৰ জীৱন ৰক্ষাৰ বাবে আগবাঢ়ি আহিল মুছলমান ধৰ্মগুৰু…