দুগুণ বৃদ্ধি পাব ভাৰতৰ জনসংখ্যা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পালে এই তথ্য
ভাৰতৰ জনসংখ্যাৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (UNFPA)য়ে । মনকৰিবলগীয়া এইটোৱে যে, এই প্ৰতিবেদনে ভাৰতত কিদৰে দ্ৰুত হাৰত জমসংখ্যা বৃদ্ধি পাইছে সেই ছবিখন স্পষ্টভাৱে প্ৰকাশ পাইছে । ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ তথ্য অনুসৰি, ভাৰতৰত জনসংখ্যা বৰ্তমান ১৪৪ কোটি ।

ভাৰতৰ শেষৰটো লোকপিয়ল কৰা হৈছিল ২০১১ চনত । সেই সময়ত ভাৰত চীনৰ পিছতে দ্বিতীয় জনবহুল দেশ হিচাপে পৰিগণিত হৈছিল । ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা আছিল ১২১ কোটি । কিন্তু শেহতীয়াকৈ ভাৰতৰ জনসংখ্যাৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (UNFPA)য়ে । মনকৰিবলগীয়া এইটোৱে যে, এই প্ৰতিবেদনে ভাৰতত কিদৰে দ্ৰুত হাৰত জমসংখ্যা বৃদ্ধি পাইছে সেই ছবিখন স্পষ্টভাৱে প্ৰকাশ পাইছে ।
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ তথ্য অনুসৰি, ভাৰতৰত জনসংখ্যা বৰ্তমান ১৪৪ কোটি । এই প্ৰতিবেদনত এই তথ্যও উল্লেখ আছে যে, বৰ্তমানৰ জনসংখ্যাৰ ভিতৰৰ ২৪ শতাংশ হৈছে ১৪ বছৰৰ তলৰ লোক । অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে ভাৰতবৰ্ষক বিশ্ব সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিণত কৰিছে ।
এই প্ৰতিবেদনত অনুমান কৰা মতে, আগন্তুক ৭৭ বছৰত ভাৰতবৰ্ষত এই জনসংখ্যাৰ দুগুণ বৃদ্ধি পাব । জনসংখ্যাৰ লগতে এই প্ৰতিবেদনত নৱজাত শিশুৰ মৃত্যু, মহিলাৰ অৱস্থা আৰু এলজিবিটিকিউ আদিৰ তথ্যও দিয়া হৈছে। ভাৰতত মাতৃৰ মৃত্যুৰ হাৰ ব্যাপকভাৱে হ্ৰাস পোৱা বুলিও প্ৰতিবেদনত কোৱা হৈছে।
প্ৰতিবেদন অনুসৰি, ভাৰতৰ ১৪৪.১৭ কোটি জনসংখ্যাৰ ভিতৰত ২৪ শতাংশ লোক হৈছে ০-১৪ বছৰ বয়সৰ । ইয়াৰ বিপৰীতে ১৭ শতাংশ লোক ১০-১৯ বছৰ বয়সৰ, ২৬ শতাংশ লোক ১০-২৪ বছৰ বয়সৰ। ইয়াৰে সৰ্বাধিক ৬৮ শতাংশ লোক ১৫-৬৪ বছৰ বয়সৰ ।
ইয়াৰ বাহিৰেও ভাৰতৰ জনসংখ্যাৰ ৭ শতাংশ লোকৰ বয়স হৈছে ৬৫ বছৰ আৰু তাতকৈ অধিক, য’ত পুৰুষৰ আয়ুস ৭১ বছৰ আৰু মহিলাৰ আয়ুস ৭৪ বছৰ বুলি ধৰা হৈছে প্ৰতিবেদনত । প্ৰতিবেদনৰ তথ্য অনুসৰি ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। প্ৰতিজবেদনত কোৱা মতে ভাৰতত বৰ্তমান প্ৰসূতি মৃত্যু হাৰ হৈছে ৮ শতাংশ ।