শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰকৃত ভাৰতীয় কোন, সেয়া নিৰ্ধাৰণৰ অধিকাৰ ন্যায়াধীশৰ নাই! ৰাহুলক ককৰ্থনা সন্দৰ্ভত প্ৰিয়ংকাৰ মন্তব্য

ৰাহুল গান্ধীক সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কৰা প্ৰশ্ন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে। প্ৰকৃত ভাৰতীয় নিৰ্ধাৰণৰ অধিকাৰ বিচাৰপতিৰ নাই বুলি উল্লেখ কৰিছে সাংসদ প্ৰিয়ংকা গান্ধীয়ে।

প্ৰকৃত ভাৰতীয় কোন, সেয়া নিৰ্ধাৰণৰ অধিকাৰ ন্যায়াধীশৰ নাই! ৰাহুলক ককৰ্থনা সন্দৰ্ভত প্ৰিয়ংকাৰ মন্তব্য
প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 05 Aug 2025 13:41 PM

“চীনে ভাৰতীয় ভূখণ্ড দখল কৰা” বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্য সন্দৰ্ভত সোমবাৰে ৰাহুল গান্ধীক প্ৰশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে। এই সন্দৰ্ভত আপত্তি দৰ্শাইছে ৰাহুলৰ ভগ্নী তথা ৱায়ানাড সমষ্টিৰ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, “উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশসকলৰ এই সিদ্ধান্ত লোৱা নাই যে প্ৰকৃত ভাৰতীয় কোন। চৰকাৰক প্ৰশ্ন কৰাটো বিৰোধী নেতাৰ কৰ্তব্য। মোৰ ভাতৃয়ে (ৰাহুল গান্ধী) কেতিয়াও সেনাৰ বিৰুদ্ধে কথা কোৱা নাই, তেওঁ তেওঁলোকক সৰ্বোচ্চ সন্মান দিয়ে। এয়া ভুল ব্যাখ্যা।”

ইফালে কংগ্ৰেছৰ সাংসদ কে চি বেনুগোপালেও সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ৰাহুল গান্ধীক কৰা প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ৰাহুল গান্ধীয়ে যি আলোচনা কৰিছে সেয়া প্ৰতিজন জাতীয়তাবাদী ভাৰতীয়ৰ চিন্তাধাৰা। সংসদৰ ভিতৰত আমি যেতিয়াই প্ৰশ্ন সুধিছো তেতিয়াই কোনো উত্তৰ নাথাকে। সংসদৰ বাহিৰত যেতিয়াই আমি জাতীয় স্বাৰ্থৰ সৈতে জড়িত কিবা এটা সুধিছো, তেতিয়াই আমাক ৰাষ্ট্ৰ বিৰোধী বুলি অভিহিত কৰা হয়। প্ৰকৃত ভাৰতীয়ৰ সংজ্ঞা কোনে দিব ? আমি প্ৰকৃত ভাৰতীয় যিয়ে ভাৰতৰ বাবে প্ৰশ্ন উত্থাপন কৰি আছোঁ।”

২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰত জোড়ো যাত্ৰাৰ সময়ত সেনাবাহিনীক লৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে লক্ষ্ণৌৰ আদালতত চলি থকা গোচৰত সোমবাৰে স্থগিতাদেশ দিয়ে উচ্চতম ন্যায়ালয়ে। কিন্তু আদালতে লোকসভাত বিৰোধী দলৰ নেতাগৰাকীক নিন্দা কৰি কয় যে যদি তেওঁ “প্ৰকৃত ভাৰতীয়” হয়, তেন্তে তেওঁ তেনেকুৱা কথা নকয়। “আপুনি বিৰোধীৰ নেতা। সংসদত কথা কওক, ছ’চিয়েল মিডিয়াত কিয় কৈছে?” বুলি কয় বিচাৰপীঠে।

যোৱা ২৯ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌৰ এখন আদালতে ফেব্ৰুৱাৰী মাহত গৃহীত চমন অৰ্ডাৰ বাতিল কৰাৰ বাবে কৰা আবেদন নাকচ কৰাৰ পিছতে ৰাহুলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।