শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আৰাৱল্লী বিতৰ্কই ল’ব নেকি নতুন মোৰ? এইবাৰ আৰাৱল্লীৰ ৰক্ষকৰ ভূমিকাত উচ্চতম ন্যায়ালয়!

লক্ষণীয়ভাৱে ২০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আগবঢ়োৱা আৰাৱল্লীৰ সংজ্ঞা গ্ৰহণ কৰিছিল। কেন্দ্ৰৰ এই প্ৰস্তাৱত ১০০ মিটাৰ উচ্চতাৰ পাহাৰকহে আৰাৱল্লী হিচাপে গণ্য কৰা হ’ব বুলি উল্লেখ কৰা হৈছে।

আৰাৱল্লী বিতৰ্কই ল’ব নেকি নতুন মোৰ? এইবাৰ আৰাৱল্লীৰ ৰক্ষকৰ ভূমিকাত উচ্চতম ন্যায়ালয়!
আৰাৱল্লীৰ ৰক্ষকৰ ভূমিকাত উচ্চতম ন্যায়ালয়!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 28 Dec 2025 12:33 PM

অন্ত পৰা নাই আৰাৱল্লী কেন্দ্ৰিক বিতৰ্ক। অবৈধ খননে আৰাৱল্লী পাহাৰলৈ নমাই আনিছে বিপদ। শেহতীয়া সময়ছোৱাত আৰাৱল্লীৰ বিষয়ত দেশজুৰি সৃষ্টি হৈছিল এক প্ৰতিবাদ মুখৰ পৰিস্থিতিৰ। তাৰ মাজতে এতিয়া আৰাৱল্লী সন্দৰ্ভত গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। আৰাৱল্লীত অবৈধ খনন সন্দৰ্ভত গ্ৰহণ কৰা হৈছে ছ’ ম’টু গোচৰ। অহা ২৯ ডিচেম্বৰ, অৰ্থাৎ সোমবাৰে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব।

ইফালে বন সংৰক্ষণ বিষয়া আৰ পি বলৱানেও এই বিষয়ত পৃথক আবেদন দাখিল কৰিছে। লক্ষণীয়ভাৱে ২০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আগবঢ়োৱা আৰাৱল্লীৰ সংজ্ঞা গ্ৰহণ কৰিছিল। কেন্দ্ৰৰ এই প্ৰস্তাৱত ১০০ মিটাৰ উচ্চতাৰ পাহাৰকহে আৰাৱল্লী হিচাপে গণ্য কৰা হ’ব বুলি উল্লেখ কৰা হৈছে।

ইয়াতকৈ কম উচ্চতাৰ পাহাৰ আৰাৱল্লী পৰ্বতমালাত নপৰে বুলি কোৱা হৈছে। ইয়াৰ পিছতে দেশজুৰি পৰিৱেশবিদ তথা ৰাজনৈতিক দলসমূহে প্ৰতিবাদ আৰম্ভ কৰে। তেওঁলোকে আৰাৱল্লীৰ ৯০ শতাংশ পাহাৰৰ উচ্চতা ১০০ মিটাৰৰ তলত বুলি যুক্তি দাঙি ধৰে আৰু ইয়াৰ ফলত আৰাৱল্লী প্ৰায় সম্পূৰ্ণ ধ্বংস হ’ব বুলি দাবী কৰে।

অৱশ্যে ন্যায়াধীশ বি আৰ গাভাইৰ বিচাৰপীঠে কেন্দ্ৰৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সমান্তৰালকৈ আৰাৱল্লীত বহনক্ষম খননৰ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে। কিন্তু আৰাৱল্লীক লৈ বিতৰ্ক ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা ২৪ ডিচেম্বৰত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আন এক ঘোষণা কৰে।

কেন্দ্ৰৰ এই ঘোষণা অনুসৰি দিল্লীৰ পৰা গুজৰাটলৈকে সমগ্ৰ আৰাৱল্লী ক্ষেত্ৰত নতুনকৈ খননৰ অনুমতি দিয়া নহ’ব। খনন সম্পূৰ্ণ নিষিদ্ধ কৰাৰ উদ্দেশ্যে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদকো আৰাৱল্লী ৰেঞ্জৰ অঞ্চল আৰু জ’ন চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পৰিৱেশ আৰু ভূতাত্ত্বিক কাৰকসমূহ পৰ্যালোচনা কৰি এই সিদ্ধান্ত লোৱা হ’ব।