পথ দুৰ্ঘটনাত আহত হ’লে পাব ডেৰ লাখ টকালৈকে চিকিৎসা ব্যয়, চৰকাৰে আনিছে নতুন আঁচনি
দেশত প্ৰতি বছৰে ১.৫ লাখৰো অধিক লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় । সময়মতে চিকিৎসা প্ৰদান কৰি এই লোকসকলৰ অধিকাংশৰে জীৱন ৰক্ষা কৰিব পাৰি, কিন্তু পথ দুৰ্ঘটনাত পতিত হোৱা লোকক সহায় কৰাৰ পৰা বিৰত থাকে সৰহ সংখ্যক লোক । সেয়ে এতিয়া চৰকাৰে এনে আঁচনি প্ৰৱৰ্তন কৰিছে যাৰ সহায়ত আহতসকলে বিনামূলীয়া নগদবিহীন চিকিৎসা লাভ কৰিব পাৰিব ।

পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলে যাতে সময়মতে আৰু তৎকালীন চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিছে । এই আঁচনিৰ গেজেট অধিসূচনাও জাৰি কৰা হৈছে । ইয়াৰ সহায়ত পথ দুৰ্ঘটনাগ্ৰস্ত লোকে চিকিৎসালয়খনত বিনামূলীয়াকৈ নগদবিহীন চিকিৎসা লাভ কৰিব ।
দেশত প্ৰতি বছৰে ১.৫ লাখৰো অধিক লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় । সময়মতে চিকিৎসা প্ৰদান কৰি এই লোকসকলৰ অধিকাংশৰে জীৱন ৰক্ষা কৰিব পাৰি, কিন্তু পথ দুৰ্ঘটনাত পতিত হোৱা লোকক সহায় কৰাৰ পৰা বিৰত থাকে সৰহ সংখ্যক লোক । সেয়ে এতিয়া চৰকাৰে এনে আঁচনি প্ৰৱৰ্তন কৰিছে যাৰ সহায়ত আহতসকলে বিনামূলীয়া নগদবিহীন চিকিৎসা লাভ কৰিব পাৰিব ।
১.৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ অধিসূচনা অনুসৰি এই আঁচনিৰ অধীনত প্ৰতিজন পথ দুৰ্ঘটনাত পতিত লোকে চিকিৎসালয়ত ডেৰ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা লাভ কৰিব । যদি কোনো দুৰ্ঘটনাত দুজন লোক আহত হয়, তেন্তে দুয়োজন আহতই ১.৫ লাখ টকাকৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব । এই আঁচনি ২০২৫ চনৰ ৫ মে’ৰ পৰা কাৰ্যকৰী হৈছে ।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে খোদ সংসদত স্বীকাৰ কৰিছে যে তেওঁৰ মন্ত্ৰণালয়ে পথ সুৰক্ষা নিশ্চিত কৰাৰ লগতে জীৱন ৰক্ষাৰ বাবে বহু প্ৰচেষ্টা চলাইছে যদিও ইয়াত সম্পূৰ্ণ সফল হোৱা নাই । এনে পৰিস্থিতিত চৰকাৰৰ এই নতুন আঁচনিখনে মানুহৰ জীৱন ৰক্ষাত সহায় কৰিব বুলি আশা কৰা হৈছে ।
চৰকাৰী অধিসূচনাত কোৱা হৈছে, “যিকোনো ব্যক্তি যদি পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়, তেন্তে এই আঁচনিৰ সুবিধা লাভ কৰিব । আহতসকলে নিৰ্দিষ্ট চিকিৎসালয়ত ডেৰ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা লাভ কৰিব । এই আঁচনিৰ সুবিধা কেৱল দুৰ্ঘটনাৰ দিনৰ পৰা ৭ দিনলৈকে চিকিৎসাৰ বাবেহে উপলব্ধ হ’ব ।”
আপুনি এই আঁচনিৰ সুবিধা কেনেকৈ লাভ কৰিব?
এই আঁচনি ৰূপায়ণৰ দায়িত্ব ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণক দিয়া হৈছে । ৰাজ্য চৰকাৰৰ আৰক্ষী, চিকিৎসালয় আৰু স্বাস্থ্য সংস্থাৰ সহযোগত এন এইচ এয়ে এই কাম সম্পন্ন কৰিব । এই আঁচনিৰ নাম দিয়া হৈছে ‘কেচলেছ ট্ৰীটমেন্ট অৱ ৰোড এক্সিডেন্ট ভিকটিমছ স্কীম ২০২৫’ (Cashless Treatment of Road Accident Victims Scheme 2025) ।
এই আঁচনিৰ বিধান অনুসৰি পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিক নিৰ্দিষ্ট চিকিৎসালয়ৰ বাহিৰে আন কোনো চিকিৎসালয়লৈ লৈ যোৱা হ’লেও তেওঁৰ অৱস্থা সুস্থিৰ নোহোৱালৈকে তেওঁ নগদবিহীন চিকিৎসা লাভ কৰিব ।
ৰাজ্যসমূহত ৰাজ্যিক পথ সুৰক্ষা পৰিষদে ৰাষ্ট্ৰীয় ঘাইপথৰ সহযোগত এই আঁচনি ৰূপায়ণৰ কাম কৰিব । এই সংস্থাটোৱে আঁচনিখন গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি পৰ্টেলৰ ব্যৱহাৰ, ভুক্তভোগীৰ চিকিৎসা, সংশ্লিষ্ট চিকিৎসালয়সমূহৰ সৈতে যোগাযোগ কৰা, তেওঁলোকক বোৰ্ডত অনা আৰু পিছত তেওঁলোকৰ চিকিৎসাৰ বাবে ধন পৰিশোধ কৰালৈকে কাম কৰিব ।
এই আঁচনিৰ সঠিক ৰূপায়ণৰ তদাৰক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন পৰিচালনা সমিতি গঠন কৰিব । ইয়াৰ পাইলট প্ৰজেক্ট যোৱা বছৰ সম্পূৰ্ণ হৈছিল ।