ৰাজ্যত বৰষুণৰ তাণ্ডৱঃ প্ৰাণ হেৰুৱালে ১৪ জনে, ২৬ পশুধনৰো মৃত্যু
ৰাজ্যত আকস্মিকভাৱে হোৱা বৰষুণে একপ্ৰকাৰে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। বৰষুণৰ ফলত ১৪ জন লোকে প্ৰাণ হেৰুওৱাৰ খবৰ পোহৰলৈ আহিছে। লগতে প্ৰকৃতিৰ এই ৰূদ্ৰ ৰূপত ১৬ জন লোক আহতো হৈছে। ইফালে মানুহৰ লগতে বৰষুণৰ ফলত ২৬টা জীৱ-জন্তুৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে।

প্ৰকৃতিৰ তাণ্ডৱত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে গুজৰাটত। ৰাজ্যখনত আকস্মিকভাৱে হোৱা বৰষুণে একপ্ৰকাৰে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। বৰষুণৰ ফলত ৰাজ্যখনত ১৪ জন লোকে প্ৰাণ হেৰুওৱাৰ খবৰ পোহৰলৈ আহিছে। লগতে প্ৰকৃতিৰ এই ৰূদ্ৰ ৰূপত ১৬ জন লোক আহতো হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হোৱা এনে ঘটনাই জনসাধাৰণক আতংকিত কৰি তুলিছে। ইফালে মানুহৰ লগতে বৰষুণৰ ফলত ২৬টা জীৱ-জন্তুৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। গ্ৰীষ্মৰ মাজভাগত ৰাজ্যখনত এতিয়া দেখা গৈছে বাৰিষাৰ দৰে পৰিস্থিতি।
বতৰৰ এনে অৱস্থাৰ ফলত ৰাজ্যখনত ১৪জন লোকৰ প্ৰাণহানি হৈছে। ইয়াৰে তিনিজন লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু হৈছে। ইয়াৰ উপৰিও ধুমুহাৰ ফলস্বৰূপে গছ বাগৰি পৰাত চাৰিজন লোকৰ প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে। আনহাতে অট্টালিকাৰ এটা অংশ ভাঙি ৩জন, হৰ্ডিং বাগৰি দুজনৰ আৰু বিদ্যুৎস্পৃষ্ট হৈ ২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। যোৱা ৪৮ ঘণ্টাত এই লোককেইজনৰ মৃত্যু হৈছে।
ইফালে বতৰ বিভাগৰ পূৰ্বানুমান অনুসৰি আগন্তুক ৩ দিনলৈ বৰষুণৰ সম্ভাৱনা আছে। ৰাজ্যৰ ৭৫ শতাংশতকৈ অধিক অঞ্চলত ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত হালধীয়া আৰু কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে। এই সময়ছোৱাত প্ৰচণ্ড বতাহ বলিব পাৰে বুলিও বতৰ বিভাগে পূৰ্বানুমান প্ৰকাশ কৰিছে। একে সময়তে ১৫ খন জিলাত বৰষুণৰ সমান্তৰালকৈ শিলাবৃষ্টিৰ সম্ভাৱনা আছে।
বতৰৰ এনে আকস্মিক পৰিৱৰ্তনৰ বাবে তাপমাত্ৰা হ্ৰাস পাইছে। ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাসৰ মাজতে ৰাজ্য চৰকাৰে জনসাধাৰণলৈ এক বিশেষ আহ্বান জনাইছে। ৰাজ্যবাসীক অত্যন্ত প্ৰয়োজন নহ’লে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে ধুমুহা আহিলে নিৰাপদ স্থানত থাকিবলৈ নিৰ্দেশনা দিয়া হৈছে।
অনিবাৰ্য পৰিস্থিতিত জৰুৰীকালীন অভিযান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জৰুৰীকালীন অৱস্থাত জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰ- ১০৭৭ আৰু ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ- ১০৭০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।