শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পাক অধিকৃত কাশ্মীৰত ‘আজাদী’ৰ শ্ল’গান, মোহন ভাগৱতে দিলে দখল কৰাৰ হুংকাৰ

পাক অধিকৃত কাশ্মীৰৰ ৰাজপথত উঠিছে এতিয়া স্বাধীনতাৰ দাবী। অঞ্চলটোৰ এনে ৰাজনৈতিক পৰিস্থিতিৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দিছে পাক অধিকৃত কাশ্মীৰ দখলৰ হুংকাৰ। কি কৈছে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে, চাওক।

পাক অধিকৃত কাশ্মীৰত ‘আজাদী’ৰ শ্ল’গান, মোহন ভাগৱতে দিলে দখল কৰাৰ হুংকাৰ
মোহন ভাগৱতImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 06 Oct 2025 11:32 AM

পাকিস্তান অধিকৃত কাশ্মীৰত শেহতীয়া কিছুদিনৰ পৰা সজোৰে মুখৰিত হৈছে ‘আজাদী’ৰ শ্ল’গান। চৰকাৰ বিৰোধী আন্দোলনে সম্প্ৰতি এই অংশত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে। পাকিস্তানৰ শাসনাধিষ্ঠ শ্বেহবাজ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ লোক। এই ব্যাপক গণ আন্দোলনে আওৰাইছে ‘আজাদী’ৰ দাবী। অৰ্থাৎ পাক অধিকৃত কাশ্মীৰৰ ৰাজপথত উঠিছে এতিয়া স্বাধীনতাৰ দাবী। অঞ্চলটোৰ এনে ৰাজনৈতিক পৰিস্থিতিৰ সময়তে ভাৰতৰ পৰা উঠিছে পাক অধিকৃত কাশ্মীৰ দখলৰ হুংকাৰ।

এই হুংকাৰ দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। মধ্যপ্ৰদেশৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মোহন ভাগৱতে কৰিছে স্পষ্ট ঘোষণা- পাকিস্তান অধিকৃত কাশ্মীৰ কাঢ়ি আনিব লাগিব। আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে লগতে এই বিবদমান অঞ্চলটোক দখলীকৃত ঘৰৰ সৈতেও তুলনা কৰে।

দেওবাৰে মধ্যপ্ৰদেশৰ সতনাত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মোহন ভাগৱতে। এই অনুষ্ঠানতে তেওঁ কয়, “বহু সিন্ধী ভাতৃ ইয়াত বহি আছে। মই তেওঁলোকক লগ পাই অতি আনন্দিত হৈছো। স্বাধীনতাৰ পিছত তেওঁলোক পাকিস্তানলৈ যোৱা নাছিল। বৰঞ্চ তেওঁলোক ভাৰততে থাকিল।”

পাক অধিকৃত কাশ্মীৰক ঘৰৰ সৈতে তুলনা কৰি ভাগৱতে লগতে এটা ঘৰ থকাৰ পিছতো পৰিস্থিতিৰ বলি হৈ এই লোকসকলে উক্ত ঘৰ এৰি এইস্থানত আহি বসবাস কৰি আছে বুলি মন্তব্য কৰে। অৱশ্যে সেই ঘৰটো আৰু এই ঘৰৰ মাজত কোনো পাৰ্থক্য নাই বুলি উল্লেখ কৰি ভাগৱতে লগতে সমগ্ৰ ভাৰতবৰ্ষই এটা ঘৰ বুলি দোহাৰে।

ইয়াৰ পিছতে মোহন ভাগৱতে পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ ক’লে, “আমাৰ ঘৰ কোনোবাই ঘৰ দখল কৰিছে। কিন্তু চিন্তা নকৰিবা। আজি তেওঁ দখল কৰিছে। কিন্তু ভৱিষ্যতে আমি সেই ঘৰ আকৌ দখল কৰিব লাগিব।” অৱশ্যে কেৱল মোহন ভাগৱতেই নহয়, পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভত এই দাবী কৰি আহিছে সমগ্ৰ গেৰুৱা শিবিৰে।

মোহন ভাগৱতৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও পাক অধিকৃত কাশ্মীৰ কাঢ়ি লোৱাৰ হুংকাৰ দিছিল। সংসদৰ মজিয়াত দিয়া ভাষণৰ সময়তে তেওঁ চিঞৰি চিঞৰি পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ বুলি স্পষ্ট বাৰ্তা দিছিল। এতিয়া অঞ্চলটোৰ উত্তেজনাপূৰ্ণ ৰাজনৈতিক পৰিস্থিতিৰ মাজত মোহন ভাগৱতে দিয়া হুংকাৰে বিশেষ তাৎপৰ্য বহন কৰিছে।