আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰঃ ক’লে, ‘শব্দৰে প্ৰকাশ কৰিব নোৱাৰি..’

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে লগতে ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈও প্ৰশাসনক নিৰ্দেশনা দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক ‘হৃদয় বিদাৰক’ বুলি অভিহিত কৰিছে আৰু এই দুখ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে।

আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰঃ ক’লে, ‘শব্দৰে প্ৰকাশ কৰিব নোৱাৰি..’

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Updated On: 

12 Jun 2025 18:05 PM

গুজৰাটৰ আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি সমগ্ৰ দেশতে সৃষ্টি হৈছে শোকাৱহ পৰিস্থিতিৰ। এই দুৰ্ঘটনা দেশৰ বাবে এক বৃহৎ ট্ৰেজেডী হিচাপে পৰিগণিত হৈছে। আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰ অভিমুখে ৰাওনা হোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰণৰ ঠিক পিছতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ক্ৰুসহ মুঠ ২৪২ জন লোক আছিল। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গভীৰ শোক প্ৰকাশ কৰিছে।

তেওঁলোকে লগতে ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈও প্ৰশাসনক নিৰ্দেশনা দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক ‘হৃদয় বিদাৰক’ বুলি অভিহিত কৰিছে আৰু এই দুখ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে। এক্সত এক পোষ্ট যোগে তেওঁ লিখিছে, “আহমেদাবাদৰ ট্ৰেজেডীয়ে আমাক স্তম্ভিত আৰু শোকাহত কৰি তুলিছে, এয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।”

“এই শোকৰ ক্ষণত ঘটনাৰ দ্বাৰা প্ৰভাৱিত সকলো লোকৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো।” – এইদৰে উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্য তথা উদ্ধাৰৰ কামত নিয়োজিত প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলি পোষ্টটোত সদৰী কৰে।

 

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিমান দুৰ্ঘটনাটোৰ সন্দৰ্ভত শোক প্ৰকাশ কৰি এক্সত এক পোষ্ট যোগে দুৰ্ঘটনাস্থলীলৈ তাৎক্ষণিকভাৱে দুৰ্যোগ সঁহাৰি বাহিনী প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে। পৰিস্থিতিৰ মূল্যায়নৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, গৃহমন্ত্ৰী হৰ্ষ সংঘৱী আৰু আহমেদাবাদ আৰক্ষী আয়ুক্তৰ সৈতে বাৰ্তালাপ কৰা বুলিও তেওঁ পোষ্টটোত উল্লেখ কৰিছে।

 

আনহাতে এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰিছে বিমানখনত যাত্ৰা কৰা যাত্ৰীসকলৰ তালিকা। এই তালিকা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ নাগৰিক, ৭ জন পৰ্তুগীজ নাগৰিক আৰু এজন কানাডিয়ান নাগৰিক আছিল। ৰাজ্য চৰকাৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনত থকা লোকসকলৰ আত্মীয়ৰ বিষয়ে তথ্য লাভৰ বাবে হেল্পলাইন নম্বৰো ঘোষণা কৰিছে।

এনেদৰে এয়াৰ ইণ্ডিয়াইও আত্মীয়ৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ ঘোষণা কৰিছে। ১৮০০-৫৬৯১-৪৪৪- এই হেল্পলাইন নম্বৰত যোগাযোগ কৰি আত্মীয়ই তথ্য লাভ কৰিব পাৰিব।

গৰমৰ দিনত প্ৰস্ৰাৱ জ্বলা-পোৰা সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ? জানক
আপুনিও ভুগি আছে নেকি উচ্চ ৰক্তচাপত? গ্ৰীষ্মকালত এইদৰে লওক আপোনাৰ স্বাস্থ্যৰ যত্ন
পুৰুষৰ কি বস্তু মহিলাই বেছি বিচাৰে? জানি হ'ব আচৰিত
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ঐতিহাসিক শতক মাৰ্ক্ৰামৰ, ৰচিলে এনে কৃতিত্ব