“অপৰাধীক ৰেহাই দিয়া নহ’ব”, দিল্লী বিস্ফোৰণকলৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া
তেওঁ স্পষ্ট কৰি দিছে যে,কোনো অপৰাধীক ৰেহাই দিয়া নহ’ব। লগতে সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
দিল্লী বিস্ফোৰণৰকলৈ ৰাজহুৱাভাৱে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূটানত এক অনুষ্ঠানৰ সময়ত এই ঘটনাৰে জড়িত সকলক কোনো কাৰণতে ৰেহাই দিয়া নহয় বুলি স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ স্পষ্ট কৰি দিছে যে,কোনো অপৰাধীক ৰেহাই দিয়া নহ’ব। লগতে সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “তদন্ত চলি আছে। বিষয়টোৰ গভীৰলৈ গৈ তদন্ত কৰা হ’ব। দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চৰকাৰে বিষয়টোৰ ওপৰত নজৰ ৰাখিছে। তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” উল্লেখ্য যে, দিল্লী বিস্ফোৰণত নিহতসকলৰ বাবে ভূটানত এখন শোক সভা অনুষ্ঠিত হয়। ভূটানৰ ৰজাই নিজেই নেতৃত্ব দিছিল সভাখনৰ। ৰজাই শোক প্ৰকাশ কৰে।
ইফালে,প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়াৰ পূৰ্বে দিল্লীত এখন সংবাদমেল অনুষ্ঠিত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিঙে কয় যে, “তদন্তৰ পিছত প্ৰতিবেদন ৰাজহুৱা কৰা হ’ব। আমি এতিয়াও কোনো সিদ্ধান্তত উপনীত হোৱা নাই। তদন্তকাৰী সংস্থাসমূহে প্ৰতিটো কোণৰ তদন্ত কৰি আছে। সময় আহিলে সমগ্ৰ তদন্ত ৰাজহুৱা কৰা হ’ব, কিন্তু মই এটা কথা কৈছো যে, কোনো অপৰাধীক ৰেহাই দিয়া নহ’ব।”
দেখা গৈছে যে, ১০ নৱেম্বৰ, সোমবাৰৰ দিনটোত দিল্লীত সংঘটিত বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সেই স্থানত উপস্থিত হৈছিল। তেওঁ চিকিৎসালয় ভ্ৰমণ কৰি আহতসকলৰ পৰিস্থিতি বুজ লৈছিল। ইয়াৰ পাছত আনুষ্ঠানিকভাৱে মৃতকৰ সংখ্যা প্ৰকাশ কৰে। শ্বাহে চোৰাংচোৱা ব্যুৰোকে ধৰি বিভিন্ন নিৰাপত্তা সংস্থাৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয়।
সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ ওচৰত দিল্লীৰ ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত এখন গাড়ী বিস্ফোৰণৰ খবৰ পোহৰলৈ আহে। বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও তদন্ত অব্যাহত আছে। এতিয়ালৈকে এই বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হৈছে, আৰু প্ৰায় ৩০ জন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাড়ীৰ মালিকক।