Delhi Blast: দিল্লী বিস্ফোৰণত ব্যৱহৃত বাহনখনৰ চালক ডাঃ ওমৰ কোন?
সোমবাৰে লাল কিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণত ৯ জন লোক নিহত হোৱাৰ লগতে ২৮ জন লোক আহত হয়। এখন বাহনত এই বোমা ৰখা হৈছিল বুলি ইতিমধ্যে নিশ্চিত কৰিছে প্ৰশাসনে। সন্দেহ কৰা হৈছে এই বাহনখনতেই আছিল ডাঃ মহম্মদ ওমৰ।
সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী দিল্লীত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। লাল কিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণত ৯ জন লোক নিহত হোৱাৰ লগতে ২৮ জন লোক আহত হয়। এখন বাহনত এই বোমা ৰখা হৈছিল বুলি ইতিমধ্যে নিশ্চিত কৰিছে প্ৰশাসনে। ইয়াৰ মাজতে মঙলবাৰে পোহৰলৈ আহিছে এটা চিচিটিভি ফুটেজ। য’ত দেখা গৈছে যে, এখন হুণ্ডাই I20 বাহন পাৰ্কিঙৰ পৰা ওলাই আহিছে। সন্দেহ কৰা হৈছে এই বাহনখনতেই আছিল ডাঃ মহম্মদ ওমৰ।
আৰক্ষীয়ে সন্দেহ কৰিছে যে, এই উমৰ ফৰিদাবাদ মডিউলৰ অংশ হ’ব পাৰে। দিল্লী আৰক্ষী আৰু অন্য তদন্তকাৰী সংস্থাৰ তদন্তত প্ৰকাশ পাইছে যে, ডাঃ উমৰ পাৰ্কিং লটত ৰখাই থোৱা এখন i20 গাড়ীত তিনি ঘণ্টা ধৰি বহি আছিল। এই সময়চোৱাত তেওঁ এবাৰো বাহনখনৰ পৰা বাহিৰলৈ অহা নাছিল। সন্দেহ কৰা হৈছে, এই বাহনখনত বহি তেওঁ নিৰ্দেশৰ বাবে অপেক্ষা কৰি আছিল। সেই বাহনতেই পৰিকল্পনা কৰিছিল কেতিয়া, ক’ত, কি কৰিব লাগে।
