এই তিনিবিধ খাদ্যই বৃদ্ধি কৰে কৰ্কট ৰোগৰ আশংকা?

11  NOV 2025

TV9 ASSAM

Photos Credit: Getty, Unsplash

শৰীৰৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে কৰ্কট ৰোগ হয়। খাদ্যাভ্যাস বেয়া আৰু অস্বাস্থ্যকৰ জীৱনশৈলী ইয়াৰ মূল কাৰণ। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে কিছুমান বিশেষ খাদ্যই প্ৰত্যক্ষভাৱে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। জানো আহক।

কৰ্কট ৰোগ

ডাঃ সুভাষ গিৰীয়ে বুজাইছে যে চচ্চেজ, বেকন, হট ডগ আদি প্ৰচেছড মাংসত নাইট্ৰেট আৰু নাইট্ৰাইট যোগ কৰা হয়, যিয়ে শৰীৰত কেন্সাৰ সৃষ্টিকাৰী যৌগ সৃষ্টি কৰিব পাৰে। এই কাৰকসমূহে বিশেষকৈ বৃহদান্ত্ৰ আৰু পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

প্ৰচেছড মাংস

ফ্ৰেঞ্চ ফ্ৰাই, পাকোৰা, বা চাৰ্ড বাৰ্বিকিউৰ দৰে খাদ্য অতি উচ্চ উষ্ণতাত ৰান্ধিলে এক্ৰিলামাইড নামৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়, যিয়ে ডি এন এৰ ক্ষতিসাধন কৰি কেন্সাৰ কোষৰ বৃদ্ধিত সহায় কৰিব পাৰে।

ডিপ ফ্ৰাইড খাদ্য

মিঠাযুক্ত পানীয়, কেক, কুকিজ, বগা ৰুটি আদি খাদ্যই তেজৰ চেনি আৰু ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত প্ৰদাহ আৰু কেন্সাৰ কোষৰ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়।

উচ্চ চেনিযুক্ত খাদ্য

প্ৰচেছড মাংসৰ সলনি সতেজ কুকুৰা, মাছ বা  দাইল খাব লাগে। এইবোৰে প্ৰটিন প্ৰদান কৰে যদিও ইয়াত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ নাথাকে।

প্ৰচেছড মাংসৰ সলনি কি খাব লাগে

ভজা খাদ্যৰ পৰিৱৰ্তে গ্ৰীল কৰা, ভাপত দিয়া বা বেক কৰা জলপান বাছি লওক। ইয়াৰ ফলত অতিৰিক্ত তেল আৰু ক্ষতিকাৰক উপাদানৰ পৰা হাত সৰাত সহায় কৰে।

ডিপ ফ্ৰাইড খাদ্যৰ সলনি কি খাব লাগে

চেনিৰ সলনি ফলমূল, মৌ বা গুৰ খাব লাগে। এইবোৰে প্ৰাকৃতিক মিঠা আৰু এন্টিঅক্সিডেন্ট প্ৰদান কৰে।

মিঠা খাদ্যৰ সলনি কি খাব লাগে

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে?

চাবলৈ ক্লিক কৰক