November 11, 2025
TV9 ASSAM
পুৰুষৰ সৈতে মহিলাৰ হাৰ্ট এটেকৰ লক্ষণবোৰ বেলেগ হ’ব পাৰে। বহুতে এইবোৰ সাধাৰণ সমস্যা বুলি আওকাণ কৰে।
এগৰাকী মহিলাই অত্যন্ত ভাগৰুৱা অনুভৱ পৰিব পাৰে। ৰাতি পৰ্যাপ্ত টোপনি যোৱাৰ পাছতে ভাগৰ অনুভৱ কৰিব পাৰে।
হৃদৰোগৰ অৰ্থ কেৱল বুকুৰ বিষ নহয়। হাৰ্ট এটেকৰ পূৰ্বে হাত, পিঠি, ডিঙি, কঁকাল আদিত বিষ অনুভৱ কৰিব পাৰে। এইবোৰ অংশত বিষ হ’লে বহুতে পেশীৰ বিষ বুলি ভাবি আওকাণ কৰে।
টোপনিৰ অভাৱ হ’লেও সাৱধান হওক। ৰাতি যদি টোপনি নাহে বা বাৰে বাৰে সাৰ পাই থাকে বা টোপনিৰ সময়ত উশাহ লোৱাত অসুবিধা হৈছে, তেন্তে সাৱধান হোৱা উচিত।
মহিলাগৰাকীয়ে উশাহ লোৱাত কষ্ট পাব পাৰে। সাধাৰণতে বুকুৰ বিষ অনুভৱ নকৰে যদিও উশাহ লোৱাৰ সময়ত বুকুৰ বিষ অনুভৱ কৰিব পাৰে।
তদুপৰি, বমি আৰু ডিঙি আৰু বুকুত জ্বলা-পোৰা আদি লক্ষণ দেখা দিব পাৰে। খাদ্য খোৱাৰ পাছত এই সমস্যা হ’ব পাৰে।
মনত ভয় বাঢ়িব পাৰে। মানসিক অস্বস্তিত ভুগিব পাৰে। সৰু সৰু কিছুমান কথাত এগৰাকী মহিলা আতংকিত হ’ব পাৰে। ইয়াক মানসিক সমস্যা বুলি ভুল নকৰিব।
পঢ়িবলৈ ক্লিক কৰক