এমনিয়াম নাইট্ৰেট আৰু পাঁচ চিকিৎসকৰ মগজু প্ৰসূত কূটাঘাত…দিল্লী বিস্ফোৰণৰ আঁৰত D-গেং
Delhi blast: দিল্লী বিস্ফোৰণত কেৱল ডাঃ ওমৰ আৰু ডাঃ মুজাম্মিলেই নহয়, আন তিনিগৰাকী চিকিৎসকৰ নামো সাঙোৰ খাইছে। এই তিনি চিকিৎসক হৈছে ডাঃ শ্বাহীন, ডাঃ আদিল আৰু ডাঃ মহিউদ্দিন। পাঁচ চিকিৎসকৰ দলটোক দিল্লী বিস্ফোৰণৰ অভিযুক্ত বুলি কোৱা হৈছে।
দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ ঘটনাত প্ৰাণ হেৰুৱালে ১০ গৰাকীকৈ লোকে। এই বিস্ফোৰণৰ পাচতেই তদন্তত নামি পৰিছে তদন্তকাৰী সংস্থাসমূহ। সূত্ৰৰ তথ্য অনুসৰি যিখন বাহনত বিস্ফোৰণ সংঘটিত হৈছিল, সেই বাহনখনত আছিল ডাঃ ওমৰ নবী। তেওঁ ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজত চাকৰি কৰিছিল। আল ফালাহ মেডিকেল কলেজৰ পৰাই কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ মজাম্মিল শ্বাকিলক আৰু তেওঁৰ কোঠাৰ পৰা জব্দ কৰা হৈছিল এমনিয়াম নাইট্ৰেট, এটা AK 47 ৰাইফল আৰু বিস্ফোৰক সামগ্ৰী।
দিল্লী বিস্ফোৰণত কেৱল ডাঃ ওমৰ আৰু ডাঃ মুজাম্মিলেই নহয়, আন তিনিগৰাকী চিকিৎসকৰ নামো সাঙোৰ খাইছে। এই তিনি চিকিৎসক হৈছে ডাঃ শ্বাহীন, ডাঃ আদিল আৰু ডাঃ মহিউদ্দিন। পাঁচ চিকিৎসকৰ দলটোক দিল্লী বিস্ফোৰণৰ অভিযুক্ত বুলি কোৱা হৈছে।
ডাঃ মুজাম্মিল কোন?
জম্মু-কাশ্মীৰ আৰক্ষী আৰু ফৰিদাবাদ আৰক্ষীৰ যুটীয়া অভিযানত কিছুদিন পূৰ্বে ডাঃ মুজাম্মিলক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ এগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজৰ চৌহদত বাস কৰিছিল। যোৱা প্ৰায় ৩ বছৰ ধৰি তেওঁ তাত বাস কৰি আহিছে।
আৰক্ষীয়ে তেওঁৰ কোঠাৰ পৰা কমেও ৩৬০ কিলোগ্ৰাম এমনিয়াম নাইট্ৰেট জব্দ কৰে। মুজাম্মিলে ধোজ অঞ্চলত এটা কোঠা ভাড়াত লৈছিল। আৰক্ষীৰ সূত্ৰ মতে, প্ৰায় ১৫ দিন পূৰ্বে মুজাম্মিলৰ হাতত পৰিছিল এমনিয়াম নাইট্ৰেট। সেই এমনিয়াম নাইট্ৰেটখিনি আঠটা ডাঙৰ ছুটকেচ আৰু ৪ টা সৰু ছুটকেচত লুকুৱাই ৰখা হৈছিল।
ডাঃ আদিলৰ কৰ্ম-কাণ্ড
ডাঃ আদিল আহমদ ৰাঠৰে উত্তৰপ্ৰদেশৰ ছাহৰানপুৰত কাম কৰিছিল। জইছ-ই-মহম্মদৰ পোষ্টাৰ লগোৱাৰ অভিযোগত আদিলক গ্ৰেপ্তাৰ কৰিছিল শ্ৰীনগৰ আৰক্ষীয়ে। শেহতীয়াকৈ এই পোষ্টাৰসমূহে কিছু অঞ্চলত উত্তেজনাৰ সৃষ্টি কৰিছিল। তদন্তৰ অন্তত আৰক্ষীয়ে চিকিৎসকজনক চিনাক্ত কৰি আম্বালা পথৰ এখন চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে।
ডাঃ আদিল জম্মু-কাশ্মীৰৰ অনন্তনাগৰ বাসিন্দা। কিছুদিনৰ পৰা তেওঁ ছাহাৰানপুৰৰ এখন চিকিৎসালয়ত চিকিৎসা বিশেষজ্ঞ হিচাপে কাম কৰি আছিল। ৪ অক্টোবৰত এগৰাকী মহিলা চিকিৎসকৰ সৈতেও বিবাহপাশত আবদ্ধ হয়। ছাহাৰনপুৰ আৰক্ষীৰ মতে স্থানীয়ভাৱে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ ৰুজু নাছিল।

চাৰি ডাক্তৰৰ ছবি
লক্ষ্ণৌৰ এগৰাকী মহিলা চিকিৎসকক গ্ৰেপ্তাৰ
ডাঃ আদিলৰ উপৰিও লক্ষ্ণৌৰ ডাঃ শ্বাহীন শ্বাহিদকো গ্ৰেপ্তাৰ কৰা হয়। মুজাম্মিলৰ সৈতে সম্পৰ্ক আছিল শ্বাহীনৰ। মুজাম্মিলে আগতে শ্বাহীন শ্বাহিদৰ গাড়ীত যাত্ৰা কৰিছিল। আৰক্ষীয়ে শ্বাহীন শ্বাহিদৰ গাড়ীৰ পৰাও উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ।
ডাঃ মহিউদ্দিনক গ্ৰেপ্তাৰ এ টি এছৰ
আহমেদাবাদত গুজৰাট এ টি এছে এটা সন্ত্ৰাসবাদী মডিউল উন্মোচন কৰে। ইয়াৰ মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদী নহয়, ডাক্তৰ বুলি ধৰা পৰে। তেওঁৰ নাম ড° মহিউদ্দিন আহমেদ। তেওঁ চীনৰ পৰা এম বি বি এছ ডিগ্ৰী গ্ৰহণ কৰিছিল। ইছলামিক ষ্টেট খোৰাছান প্ৰদেশৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। ডাঃ মহিউদ্দিনে এড়ী তেল ব্যৱহাৰ কৰি ৰিচিন বিহ তৈয়াৰ কৰাৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছিল। তেওঁৰ আত্মগোপন স্থানৰ পৰা চাৰি লিটাৰ কেষ্টৰ অইল, তিনিটা মোবাইল ফোন, দুটা লেপটপ আৰু ৩০টা সজীৱ গুলী উদ্ধাৰ কৰা হৈছে।
বিস্ফোৰণ হোৱা বাহনত আছিল ডাঃ ওমৰ!
দিল্লীৰ বিস্ফোৰণত ব্যৱহৃত গাড়ীখনৰ চালক আছিল ডাঃ ওমৰ। তেওঁ পুলৱামাৰ বাসিন্দা আৰু ডাঃ আদিলৰ ঘনিষ্ঠ সহযোগী আছিল। ওমৰে শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা মেডিচিন বিভাগত এম ডি ডিগ্ৰী গ্ৰহণ কৰিছিল। জিএমচি অনন্তনাগত জ্যেষ্ঠ আৱাসী চিকিৎসক হিচাপে কাম কৰিছিল, তাৰ পিছত দিল্লীলৈ গুচি আহে। তেওঁক দিল্লী বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা হৈছে। ডাঃ ওমৰে আল ফালাহ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
ডাঃ ওমৰৰ বৌৱেকে কয়, “আৰক্ষীয়ে ওমৰৰ মাক, মোৰ স্বামী আৰু ভায়েকক লৈ গৈছে। তেওঁলোকক জেৰা কৰিব। ওমৰ বৰ ভাল মানুহ আছিল। ওমৰৰ দেউতাকৰ মানসিক অৱস্থা ভাল নহয়। মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে কওঁ যে তেওঁৰ মানসিক অৱস্থা এনেকুৱা নাছিল।” এই বিস্ফোৰণত ডাঃ ওমৰ মহম্মদৰ ভূমিকা সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগত আছে দিল্লী আৰক্ষী। সোমবাৰে ফৰিদাবাদত জৈছৰ সৈতে সংযুক্ত মডিউলৰ পৰা বৃহৎ পৰিমাণৰ এমনিয়াম নাইট্ৰেট উদ্ধাৰ কৰা হয় আৰু বিস্ফোৰণ সংঘটিত হোৱা i20 গাড়ীখনো একে স্থানৰ পৰা বদৰপুৰ সীমান্তৰে দিল্লীত প্ৰৱেশ কৰা দেখা যায়। সেয়ে পলাতক মডিউল ডাঃ ওমৰ গাড়ীখনত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।