Morning News: দিনটো আৰম্ভ কৰক কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে, চাওক চৰ্চাত কি কি খবৰ…
ইতিমধ্যেই টি-২০ আৰু টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এদিনীয়াৰ পৰাও অৱসৰ ল’ব পাত্ৰে বুলি শেহতীয়াকৈ ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে। এনে জল্পনা-কল্পনা অস্বীকাৰ কৰিছে বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যত এতিয়াও চৰ্চা অব্যাহত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গোচৰত দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰি দিছে। একে সময়তে চিকিৎসা কৰ্মীৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যুৰ হোৱাৰ কথা বুলিও এক প্ৰকাৰে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- কাৰ্বি আংলঙত চলি থকা অবৈধ শিল খনন সন্দৰ্ভত তদন্তৰ দাবী কৰি অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত গৌৰৱ গগৈয়ে পানীমুৰা ৰেঞ্জত বৈধ পাৰিপাৰ্শ্বিক অনুমোদন অবিহনে চলি থকা খননে অঞ্চলটোৰ পৰিৱেশৰ ভাৰসাম্য, স্থানীয় জনগোষ্ঠীৰ সুৰক্ষাৰ লগতে আইনী কাঠামোৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ তুলিছে।
- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এন আৰ চিৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰি দেশৰ শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰৰ উপৰিও অসম চৰকাৰ, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আৰু ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ জাননি জাৰি কৰিছে।
- ডাঃ দেৱজিৎ চৌধুৰীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। শুকুৰবাৰে এক আনুষ্ঠানিক অধিসূচনা যোগে তেওঁক ডাঃ অভিজিত শৰ্মাৰ স্থানত এই পদত নিযুক্তি প্ৰদান কৰা হয়। উল্লেখ্য যে ডাঃ দেৱজিৎ চৌধুৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক হিচাপে দায়িত্ব পালন কৰি আহিছিল।
- অহা ২৯ আগষ্টৰ পৰা চাৰিদিনীয়া ভ্ৰমণসূচীৰে জাপান আৰু চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ২৯-৩০ আগষ্টৰ পৰা পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ চীনলৈ ৰাওনা হ’ব। ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীন ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব।
- শুকুৰবাৰে বিহাৰৰ গয়া ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত সামাজিক মাধ্যমত এক কটাক্ষমূলক পোষ্ট কৰি বিপদৰ সন্মুখীন হৈছে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰাৰ অভিযোগত তেজস্বী যাদৱৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত দুটা গোচৰ ৰুজু কৰা হৈছে।
- ইতিমধ্যেই টি–২০ আৰু টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এদিনীয়াৰ পৰাও অৱসৰ ল’ব পাত্ৰে বুলি শেহতীয়াকৈ ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে। এনে জল্পনা–কল্পনা অস্বীকাৰ কৰিছে বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই। এক অনুষ্ঠানত তেওঁ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক ভাৰতীয় দলৰ হৈ খেলি থকা দেখিবলৈ পোৱা যাব বুলি নিশ্চিত কৰিছে।