শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখ্যমন্ত্ৰীৰ সম্পত্তিঃ ৯৩১ কোটিৰে শীৰ্ষত চন্দ্ৰবাবু, ১৫ লাখেৰে শেষত মমতা…হিমন্তৰ কিমান?

বিগত বৰ্ষৰ ডিচেম্বৰৰ পিছত অনুষ্ঠিত ৰাজ্যিক বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ পিছত সংস্থাটোৱে এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই প্ৰতিবেদন অনুসৰি ৩১গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ মূল্য ১৬৩০ কোটি টকা।

মুখ্যমন্ত্ৰীৰ সম্পত্তিঃ ৯৩১ কোটিৰে শীৰ্ষত চন্দ্ৰবাবু, ১৫ লাখেৰে শেষত মমতা…হিমন্তৰ কিমান?
ভাৰতৰ মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 23 Aug 2025 10:23 AM

দেশৰ ভিতৰতে আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ মাত্ৰ ১৫ লাখ টকাতকৈ কিছু বেছি আনহাতে ৯৩১ কোটি টকাতকৈও অধিক সম্পত্তিৰে দেশৰ আটাইতকৈ ধনৱন্ত মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে অন্ধ্ৰ প্ৰদেশৰ এন চন্দ্ৰবাবু নাইডু এই তথ্য প্ৰকাশ কৰিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে বিগত বৰ্ষৰ ডিচেম্বৰৰ পিছত অনুষ্ঠিত ৰাজ্যিক বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ পিছত সংস্থাটোৱে এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ শেহতীয়া এই প্ৰতিবেদন অনুসৰি ৩১গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ মূল্য ১৬৩০ কোটি টকা প্ৰতিবেদন মতে এই তালিকাৰ দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুঠ সম্পত্তি ৩৩২ কোটি টকা বুলি দেখুওৱা হৈছে।

চন্দ্ৰবাবু নাইডু আৰু প্ৰেমা খাণ্ডুৱেই এই তালিকাত শতকোটি টকাতকৈ অধিক সম্পত্তিৰ অধিকাৰী মুখ্যমন্ত্ৰী বুলি কোৱা হৈছে নিৰ্বাচনী আৰু ৰাজনৈতিক সংস্কাৰৰ ক্ষেত্ৰত কাম কৰি অহা এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত কোৱা হৈছে যে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা ৫৫ লাখ টকাৰ সম্পত্তিৰে দেশৰ দ্বিতীজন দৰিদ্ৰ মুখ্যমন্ত্ৰী।

এক কোটি টকাতকৈ কিছু অধিক সম্পত্তিৰে এই তালিকাত শেষৰ পৰা তৃতীয় স্থানত আছে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন। প্ৰতিবেদন মতে, ২০২১ চনৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত ভৱনীপুৰ বিধানসভাৰ আসনৰ উপ-নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জীয়ে দাখিল কৰা শপতনামাত তেওঁৰ সম্পত্তিৰ মূল্য ১৫.৪ লাখ টকা বুলি উল্লেখ কৰিছিল।

লক্ষণীয়ভাৱে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৩০.৪ লাখ টকা। শপতনামাত উল্লেখ কৰিছে যে তেওঁৰ সৈতে ৬৯,২৫৫ টকা নগদ ধন আছে, আনহাতে তেওঁৰ বেংকত জমা ধনৰ পৰিমান হৈছে ১৩.৫ লাখ টকা লগতে তেওঁৰ হাতত ৪৩,৮৩৭ টকা মূল্যৰ ৯ গ্ৰাম গহনা আছে বুলি কোৱা হৈছে

শপতনামা অনুসৰি মমতা বেনাৰ্জীৰ নামত কোনো ভূসম্পত্তি বা আৱাসিক ঘৰ নাই। ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই তালিকাত প্ৰথমৰ পৰা নৱম স্থানত আছে প্ৰতিবেদন মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৭.২৭ কোটি টকা এইদৰে তেওঁ উত্তৰপূবৰ তৃতীয় ধনৱন্ত মুখ্যমন্ত্ৰী হিচাপে প্ৰতিবেদনত দেখুওৱা হৈছে