শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
৩০ হাজাৰ লোকে হেৰুৱাব চাকৰি! দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ...

৩০ হাজাৰ লোকে হেৰুৱাব চাকৰি! দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ…

barasha-sarma
Barasha Sarma | Published: 22 Aug 2025 19:14 PM

দেশৰ হাজাৰ হাজাৰ লোকৰ যাব পাৰে চাকৰি। এই খবৰ পোহৰলৈ অহাৰ পাছতে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। টিচিএছে প্ৰায় ১২ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব।

১২ হাজাৰ নহয়, ৩০ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে টিচিএছে? এই খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ দেশত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়। দেশৰ সৰ্ববৃহৎ তথ্য প্ৰযুক্তি সংস্থা টাটা কনচালটেন্সি চাৰ্ভিচ। হাজাৰ হাজাৰ কৰ্মচাৰীৰ জীৱন এই সংস্থাটোৰ লগত জড়িত। যোৱা মাহত টিচিএছে কৰ্মচাৰীসকলক এক ডাঙৰ খবৰ দিয়ে। কোম্পানীটোৱে ঘোষণা কৰে যে, তেওঁলোকৰ ২ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। এই সিদ্ধান্তৰ বাবে প্ৰায় ১২ হাজাৰ জ্যেষ্ঠ আৰু মধ্য পৰ্যায়ৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব।

কিন্তু তথ্য প্ৰযুক্তি ইউনিয়নে দাবী কৰিছে যে টিচিএছে ১২ হাজাৰ নহয়, ৩০ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰিব। ইয়াৰ পাছতে মঙলবাৰে দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় । প্ৰতিবাদকাৰীসকলৰ  মতে, চাকৰি হেৰুওৱা কৰ্মচাৰীৰ প্ৰকৃত সংখ্যা প্ৰকাশ কৰা হোৱা নাই। ১২ হাজাৰতকৈ অধিক শ্ৰমিকে যিকোনো মুহূৰ্ততে চাকৰি হেৰুৱাব পাৰে। কৰ্মচাৰীসকলে চাকৰি বৰ্খাস্তৰ সিদ্ধান্ত বাতিল কৰাৰ আহ্বান জনাইছে। লগতে এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে।