বেছিকৈ নহৰু আৰু পিয়াজ খালে কি কি সমস্যা হ’ব পাৰে?

23 Aug 2025

TV9 ASSAM

খাদ্যৰ সোৱাদ বৃদ্ধি কৰে নহৰু-পিঁয়াজে। দুয়োবিধৰ আছে বহু উপকাৰিতাও। কিন্তু নজৰু-পিঁয়াজৰ ফলত ক্ষতিও হ’ব পাৰে।

নহৰু-পিয়াজ

যদি আপুনি বেছিকৈ নহৰু আৰু পিঁয়াজ খায়, তেতিয়া এই দুয়োবিধে শৰীৰৰ ক্ষতিও কৰে। ইয়াৰ পাৰ্শ্বক্ৰিয়া কি কি চাওঁ আহক।

দেহৰ সমস্যা

পিঁয়াজত চালফাৰ, ফছফৰাছ, ফ্ৰুক্টান আদি উপাদান থাকে। এইদৰে পিঁয়াজ যথেষ্ট উপকাৰী যদিও অতিমাত্ৰা খোৱা উচিত নহয়।

পিঁয়াজ

যদি মাইগ্ৰেইনৰ সমস্যাত আক্ৰান্ত হয়, তেতিয়া পিঁয়াজ কমকৈ খোৱা উচিত। পিঁয়াজ খালে মূৰৰ বিষ বৃদ্ধি পাব পাৰে।

মাইগ্ৰেইন

বেছিকৈ পিঁয়াজ খালে কিছুলোকৰ ছালৰ এলাৰ্জীৰ সমস্যা হ’ব পাৰে। তদুপৰি ইয়াৰ ফলত মুখৰ দুৰ্গন্ধও ওলাব পাৰে।

এলাৰ্জী-দুৰ্গন্ধ

বেছিকৈ পিঁয়াজ খালে পেটৰ সমস্যায়ো দেখা দিব পাৰে। বিশেষকৈ পেটৰ বিষ আৰু এচিডিটি হয়। সেয়ে বেছিকৈ পিঁয়াজ খোৱাটো ক্ষতিকাৰক।

পেট গৰম

নহৰুত চালফাৰ, ভিটামিন আৰু খনিজ পদাৰ্থ আদি উপাদান থাকে। কিন্তু অতিমাত্ৰা নহৰু খালে পেটৰ বিষ, এচিডিটি, গেছৰ সমস্যা হয়।

নহৰু

বেছিকৈ নহৰু খালে শৰীৰত ৰক্তহীনতাৰ সমস্যাই দেখা দিব পাৰে। নহৰুত এনে বহুতো মৌল থাকে, যি তেজ পাতল কৰে।

ৰক্তহীনতা

বেছিকৈ নহৰু খালে ছালত ফোহা ওলায়। নহৰুত এলিনেজ নামৰ এবিধ এনজাইম থাকে, ইয়াৰ ফলত ছালৰ ফোহা আৰু খজুৱতি হয়।

ছালৰ ফোহা

পঢ়িবলৈ ক্লিক কৰক 

শনিবাৰে তুলসীৰ এই প্ৰতিকাৰে কঢ়িয়াব সমৃদ্ধি