Kahinoor Theatre: সাগৰ অবিহনে ডুবিল টাইটানিক! ভ্ৰাম্যমাণৰ মঞ্চত আলোড়নৰ সৃষ্টি
নাট্যনগৰী পাঠশালাত টাইটানিকৰ জ্বৰ! পুনৰ ভ্ৰাম্যমানৰ মঞ্চত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু 'টাইটানিক'। কহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পুনৰ মঞ্চস্থ কৰা হৈছে এইখন নাটকখন। যুৱ নাট্যকাৰ প্ৰণৱ বৰুৱাৰ টাইটানিক চাবলৈ দৰ্শকৰ হেতাওপৰা।

অপেক্ষাৰ অন্ত পেলাই শুকুৰবাৰে কহিনুৰ থিয়েটাৰে এই বছৰৰ ব্যয় বহুল নাট টাইটানিক মঞ্চস্থ কৰে। তপন লহকৰৰ প্ৰযোজনা আৰু প্ৰণৱ বৰুৱাৰ পৰিচালনাত ভ্ৰাম্যমাণৰ মঞ্চত দুটাকৈ দৰ্শনীত শুকুৰবাৰে মঞ্চস্থ হ’ল টাইটানিক। প্ৰয়াত নাট্যকাৰ পৰিচালক হেমন্ত দত্তৰ সোঁৱৰণত কহিনুৰ থিয়েটাৰত টাইটানিক মঞ্চস্থ কৰা হৈছে। দৰ্শকৰ সন্মুখেৰে টাইটানিক যোৱা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি মঞ্চতে সাগৰ সদৃশ পৰিবেশ সৃষ্টি কৰি জাহাজ চলোৱাৰ দৃশ্যই দৰ্শকক আকৃষ্ট কৰিছে।
ৰতন লহকৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ। এই বৰ্ষত তিনিখনকৈ ভিন্ন ধৰ্মী নাটকেৰে নাট মঞ্চত্ব কৰিব কহিনুৰ থিয়েটাৰে। তপন লহকৰৰ প্ৰযোজনা আৰু প্ৰণৱ বৰুৱাৰ পৰিচালনাত ভ্ৰাম্যমাণৰ মঞ্চত দৰ্শকৰ মনৰ উৎকণ্ঠা আঁতৰাই দুটাকৈ দৰ্শনীত শুকুৰবাৰে মঞ্চস্থ হ’ল টাইটানিক। এই নাটখন চাবলৈ হেতাওপৰা লগায় দৰ্শকে। তথ্যনুসৰি এই হেঁচা-ঠেলাত বহুজন আহত হোৱাৰো খবৰ পোৱা গৈছে। এয়াই হৈছে ভ্ৰাম্যমাণৰ নিচা।
জেমছ্ কেমেৰুণৰ বিখ্যাত কথাছবি টাইটানিক এতিয়া কহিনুৰৰ মঞ্চত। কিছুবছৰ পূৰ্বে ৰতন লহকৰৰ প্ৰযোজনাত আৰু সদ্যপ্ৰয়াত হেমন্ত দত্তদেৱৰ নাট্যৰূপত ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন হৈছিল এই নাটকখন। এইবাৰ পুনৰ দৰ্শকৰ বাবে আনিছে কহিনুৰে। পূৰ্বে মঞ্চৰ টাইটানিকে ৰাষ্ট্ৰীয় মহলতো আলোড়নৰ সৃষ্টি কৰিছিল। এতিয়া আকৌ ৰ’জ আৰু জেকক দেখা গ’ল কহিনুৰত।