শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিশা ১ বজাৰ পৰা পুৱা ৬ বজালৈ, কেনেদৰে কৰা হ’ল সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ, চাওক প্ৰতি মুহূৰ্তৰ তথ্য

Operation Sindoor: পাকিস্তানৰ ভূমিত প্ৰায় ১০০ কিঃমিঃ ভিতৰত ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটিত চলালে আক্ৰমণ । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ভাৰতে । ভাৰতীয় মহিলাৰ কপাল উকা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা এই অভিযানৰ নাম দিয়া হ'ল অপাৰেশ্যন সেন্দূৰ ।

নিশা ১ বজাৰ পৰা পুৱা ৬ বজালৈ, কেনেদৰে কৰা হ’ল সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ, চাওক প্ৰতি মুহূৰ্তৰ তথ্য
কেনেদৰে চলিছিল অভিযান?
raj-saikia
Raj Saikia | Updated On: 07 May 2025 13:28 PM

অৱশেষত উচিত প্ৰত্যুত্তৰ । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছত ভাৰতে প্ৰতিজ্ঞা মতেই পাকিস্তানত সোমাই ধ্বংস কৰিলে সন্ত্ৰাসবাদীৰ ঘাটি । ওৰে নিশা এই আক্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিলে প্ৰধানমন্ত্ৰীয়ে । ভাৰতীয় মহিলাৰ কপাল উকা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা এই অভিযানৰ নাম দিয়া হ’ল অপাৰেশ্যন সেন্দূৰ ।

কেনেকৈ চলোৱা হৈছিল এই অভিযান?

নিশা ঠিক ১ বজাত খবৰ আহে, প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে । আৰম্ভ হৈছে ভাৰতৰ সামৰিক অভিযান ।

তাৰ পাছতেই বন্ধ হয় মুজাফৰাবাদৰ বিদ্যুত সংযোগ । ব্লেক আউট হয় বিস্তীৰ্ণ অঞ্চল । প্ৰত্যক্ষদৰ্শীয়ে জনায়, পাহাৰীয়া এলেকাত বিস্ফোৰণৰ শব্দ শুনা গৈছিল ।

তাৰ ঠিক পাছতেই মুখ খোলে পাকিস্তানী সেনাই । তেওঁলোকে কয়, ভাৰতৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হ’ব ।

নিশা তেতিয়া ডেৰ বাজিছে, ভাৰতৰ আক্ৰমণৰ খবৰ আনুষ্ঠানিকভাৱে পোহৰলৈ আহে । জানিব পৰা মতে, সামৰিক অভিযানৰ নাম ‘অপাৰেশ্যন সেন্দূৰ’ । ৯ টা সন্ত্ৰাসবাদীক নিঃশেষ কৰা বুলি খবৰ পোৱা যায় ।

নিশা ১.৪৫ বজাত পাকিস্তানৰ ডন-নিউজত প্ৰকাশিত এক বাতৰিত কোৱা হয়, পাকিস্তানৰ ISPR-ৰ ডিটেক্টৰ জেনেৰেল লেঃ জেনেৰেল আহমেদ শ্বৰিফ চৌধুৰীয়ে জনায় যে কোটলি, বাহৱালপুৰ আৰু মুজফ্ফৰবাদত বিস্ফোৰণৰ শব্দ শুনা গৈছে ।

পুৱতি নিশা ৪.১৩ মিনিটত তথ্য আহে যে ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই যৌথভাৱে চলাই এই অভিযান ।

পুৱতি নিশা ৪.৩২ বজাত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই পাকিস্তানৰ এনএছএ আৰু আইএছআইৰ প্ৰধান লেঃ জেনেৰেল আছিফ মালিকৰ সৈতে বাৰ্তালাপ কৰে ।

পুৱতি নিশা ৪.৩৫ বজাত পাকিস্তানৰ ইখনৰ পিছত সিখন বিমান বাতিল হয় ।

পুৱা ৫.০৪ বজাত পাক অধিকৃত কাশ্মাীৰৰ মুঠ ৯ টা স্থানক লক্ষ্য কৰি আক্ৰমণ চলায় ভাৰতে ।

পুৱা ৫.২৭ মিনিটত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ’ই কয় যে আমেৰিকাই সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ।

পুৱা ৫:৪৫ বজাত পাকিস্তানলৈ যোৱা সকলো বিমান বাতিল কৰিলে কাটাৰ এয়াৰৱেজে ।

পুৱা ৬ বজাত সীমান্তত আকৌ এবাৰ বন্দুকৰ গুলীৰ শব্দ । যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানে পুনৰ গুলীচালনা কৰে ।

পুৱা ৬:০৮ বজাত অপাৰেশ্যন সেন্দূৰত অংশগ্ৰহণ কৰা সকলো ভাৰতীয় পাইলট নিশাৰ অপাৰেচন সম্পূৰ্ণ কৰি নিৰাপদে উভতি আহে ।

পুৱা ৬:১৪ বজাত পাকিস্তানে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে ।