শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Operation Sindoor: ভাৰতৰ আক্ৰমণত লস্কৰ-ই-তৈবাৰ দুই শীৰ্ষ সন্ত্ৰাসবাদী নিহত

Operation Sindoor: ভাৰতৰ ওপৰত বহু আক্ৰমণৰ আঁৰত থকা এই সন্ত্ৰাসবাদী শিবিৰসমূহক ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চিনাক্ত কৰি লক্ষ্য কৰি লৈছিল । এতিয়া খবৰ আহি আছে যে এই নিৰ্দিষ্ট আক্ৰমণত লস্কৰ-ই-তৈবাৰ দুজন শীৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে । দুয়োকে লস্কৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাষ্টাৰমাইণ্ড বুলি গণ্য কৰা হৈছিল ।

Operation Sindoor: ভাৰতৰ আক্ৰমণত লস্কৰ-ই-তৈবাৰ দুই শীৰ্ষ সন্ত্ৰাসবাদী নিহত
অপাৰেশ্যন সেন্দূৰত নিহত সন্ত্ৰাসবাদী
raj-saikia
Raj Saikia | Published: 07 May 2025 10:49 AM

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছত ভাৰতে সন্ত্ৰাসবাদৰ দুৰ্গত প্ৰৱেশ কৰি উপযুক্ত উত্তৰ দিলে । অপাৰেশ্যন সেন্দূৰ (Operation Sindoor)ৰ দ্বাৰা ভাৰতে পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰত গৈ লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদীৰ আত্মগোপন ৯টাকৈ স্থান ধ্বংস কৰে ।

ভাৰতৰ ওপৰত বহু আক্ৰমণৰ আঁৰত থকা এই সন্ত্ৰাসবাদী শিবিৰসমূহক ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চিনাক্ত কৰি লক্ষ্য কৰি লৈছিল । এতিয়া খবৰ আহি আছে যে এই নিৰ্দিষ্ট আক্ৰমণত লস্কৰ-ই-তৈবাৰ দুজন শীৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে । দুয়োকে লস্কৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাষ্টাৰমাইণ্ড বুলি গণ্য কৰা হৈছিল ।

দুটা শীৰ্ষ সন্ত্ৰাসবাদী নিহত
ইয়াৰ ভিতৰত প্ৰথমটো নাম হাফিজ আব্দুল মালিক, যাক লস্কৰৰ জ্যেষ্ঠ অপাৰেচনেল কমাণ্ডাৰ বুলি কোৱা হয় । এই আক্ৰমণ সংঘটিত হোৱা মুৰিডকেৰ লস্কৰৰ মুখ্য কাৰ্যালয় ‘মাৰ্কজ টায়াবা’ত উপস্থিত আছিল মালিক । দ্বিতীয়টো সন্ত্ৰাসবাদী মুদ্দাছিৰ, যাক বিদেশী সন্ত্ৰাসবাদীৰ সৈতে জড়িত লস্কৰৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড বুলি গণ্য কৰা হয় । দুয়োৰে থিতাতে মৃত্যু হয় ।

চোৰাংচোৱা সংস্থা আৰু সেনাৰ বিশেষ স্কোৱাডসমূহে যৌথভাৱে চলাইছিল অপাৰেশ্যন সেন্দূৰ । এই কাৰ্যক ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ নীতি হিচাপে গণ্য কৰা হৈছে । একে সময়তে এই পদক্ষেপৰ পিছত ভাৰতে আন্তঃৰাষ্ট্ৰীয় সমাজক এই বাৰ্তা দিছে যে ভাৰতে নিজৰ সাৰ্বভৌমত্ব আৰু নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ নকৰে ।

জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ো ধ্বংস
ভাৰতে লক্ষ্য কৰি লোৱা সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহৰ ভিতৰত জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ো অন্তৰ্ভুক্ত । ইয়াৰ উপৰিও লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীনৰ শিবিৰসমূহো ধ্বংস কৰা হৈছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত বাহাৱালপুৰত অৱস্থিত জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ত সংঘটিত হৈছে আটাইতকৈ ডাঙৰ আক্ৰমণ ।
একেদৰে ছাম্বা ছেক্টৰৰ সীমান্তৰ ভিতৰত ৩০ কিলোমিটাৰ নিলগত মুৰিডকে নামৰ ঠাইত লস্কৰ-ই-তৈবা শিবিৰ আছিল । সেই শিবিৰো ধ্বংস কৰা হৈছে । মুম্বাইত ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্ত্ৰাসবাদী ইয়াৰ পৰাই আহিছিল । ২৬/১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত লস্কৰ-ই-তৈবাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ আছিল ইয়াত । আজমল কাছাবে ইয়াত প্ৰশিক্ষণ লৈছিল । ইয়াৰ ভিতৰত ডেভিদ হেডলী আৰু তাহাউৰ ৰানাই পৰিদৰ্শন কৰা সংগঠনটোৰ মুখ্য কাৰ্যালয়ও অন্তৰ্ভুক্ত ।