ভাৰতীয় নাৰীৰ কপাল উকা কৰাৰ প্ৰত্যুত্তৰ অপাৰেশ্যন সেন্দূৰ, পাকিস্তানে চিৰদিন মনত ৰাখিব সেন্দূৰৰ মূল্য
ভাৰতীয় মহিলাৰ জীৱনত এই সেন্দূৰৰ তাৎপৰ্য কি, সেন্দূৰে কেনেকৈ প্ৰতিশোধ লয়, সন্ত্ৰাসবাদীয়ে এতিয়া নিশ্চয় মনত ৰাখিব । এচিকুট সেন্দূৰ... কেৱল চলচ্চিত্ৰৰ সংলাপ নহয়; ই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ আৰম্ভণি । বৈছাৰণ উপত্যকাত ২৬ জন নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিশোধৰ এয়া আৰম্ভণি বুলি ধাৰণা কৰা হৈছে ।

মাত্ৰ পঁচিশ মিনিটৰ ভিতৰত ভাৰতে জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লোৱা আগ্ৰাসী পদ্ধতিটো পাকিস্তানে কেতিয়াও পাহৰিব নোৱাৰে । বছৰ বছৰ ধৰি প্ৰতিধ্বনিত হৈ থাকিব এই বিমান আক্ৰমণৰ কাহিনী । পাকিস্তানৰ আটাইতকৈ ভয়ংকৰ সন্ত্ৰাসবাদী মৌলানা মাছুদ আজাহাৰেও এতিয়া চকুলো টুকিছে । এচিকুট সেন্দূৰৰ বিনিময়ত যে ইমান ডাঙৰ ক্ষতি হ’ব, সেয়া যেন পাকিস্তানৰ কল্পনাৰ বাহিৰত আছিল ।
ভাৰতীয় মহিলাৰ জীৱনত এই সেন্দূৰৰ তাৎপৰ্য কি, সেন্দূৰে কেনেকৈ প্ৰতিশোধ লয়, সন্ত্ৰাসবাদীয়ে এতিয়া নিশ্চয় মনত ৰাখিব । এচিকুট সেন্দূৰ… কেৱল চলচ্চিত্ৰৰ সংলাপ নহয়; ই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ আৰম্ভণি । বৈছাৰণ উপত্যকাত ২৬ জন নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিশোধৰ এয়া আৰম্ভণি বুলি ধাৰণা কৰা হৈছে ।
ভাৰতীয় বায়ুসেনাই যিদৰে পাকিস্তানত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰিলে, সেই ধ্বংসৰ প্ৰমাণ এতিয়া সমগ্ৰ বিশ্বই দেখিবলৈ পাইছে । সেন্দূৰৰ বাৰ্তা সমগ্ৰ বিশ্বতে বিয়পি পৰিছে । পৃথিৱীয়ে অনুভৱ কৰিছে সেন্দূৰৰ শক্তি । সেন্দূৰে এতিয়া বিশ্বৰ মঞ্চত নিজৰ চমক বিয়পাইছে । এতিয়া পাকিস্তানকে ধৰি বিশ্বৰ সকলো দেশেই গম পাব ভাৰতৰ মাটিত সেন্দূৰৰ কি গুৰুত্ব আছে । ভাৰতীয় নাৰীয়ে কেনেকৈ সেন্দূৰ লগাই দুৰ্গা আৰু কালী ৰূপ ধৰিব পাৰে সেয়া বিশ্বই জানিছে । সেনাৰ আক্ৰমণে এই আৱেগক উজ্জীৱিত কৰি তুলিছে ।
সমগ্ৰ বিশ্বতে অপাৰেশ্যন সেন্দূৰৰ আলোচনা
সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা এই অভিযানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই অপাৰেশ্যন সেন্দূৰ নাম দিছিল । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীয়ে তিনিওটা সেনাৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয় আৰু সেনাবাহিনীক এই অভিযান চলাবলৈ স্বাধীনতা দিয়া হৈছিল । এই সময়ছোৱাত তেওঁলোকে অপাৰেশ্যন সেন্দূৰ নামটো নিৰ্ধাৰণ কৰিছিল যদিও এই শব্দটো গোপন কৰি ৰখা হৈছিল । অপাৰেশ্যন সেন্দূৰৰ নামকৰণৰ আঁৰৰ উদ্দেশ্য স্পষ্ট আছিল । আৱেগৰ লগত যিমানেই সম্পৰ্ক আছে সিমানেই আক্ৰমণাত্মক । পহলগামত সন্ত্ৰাসবাদীয়ে যিদৰে ভাৰতীয় মহিলাৰ কপাল উকা কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে কৰা আক্ৰমণক অপাৰেশ্যন সেন্দূৰ নামেৰে নামাকৰণ কৰা হয় । এই অভিযানে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতি অনুসৰি সেন্দূৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । কাৰণ সেন্দূৰক প্ৰতিগৰাকী বিবাহিত মহিলাৰ আটাইতকৈ ডাঙৰ অলংকাৰ বুলি গণ্য কৰা হয় ।
স্পষ্টভাৱে ভাৰত আৰু পাকিস্তানৰ ইতিহাসত আন এক গুৰুত্বপূৰ্ণ তাৰিখ লিপিবদ্ধ হৈছে আৰু সেয়া হ’ল – ৭ মে’ । অপাৰেশ্যন সেন্দূৰৰ বিষয়ে এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে । খবৰ অনুসৰি পাকিস্তানৰ ৭খন চহৰত অৱস্থিত ৯টা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত বিমান আক্ৰমণ চলোৱা হৈছে । ইয়াৰ ফলত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে । এই সকলোবোৰ জৈছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীনৰ আত্মগোপন স্থান । য’ত আক্ৰমণ কৰা হৈছিল সেই চহৰসমূহ হ’ল মুজাফ্ফৰাবাদ, কোটলি, শিয়ালকোট, মুৰিডকে, বাহাৱালপুৰ, বৰ্ণালা আৰু তেহৰা কালান । এই আক্ৰমণৰ পিছত পাকিস্তানৰ বহু চহৰত বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে আৰু পাকিস্তানৰ আকাশমাৰ্গো বন্ধ কৰি দিয়া হৈছে ।
এই আক্ৰমণে আমাক ১৯৭১ চনৰ যুদ্ধৰ কথা মনত পেলাই দিলে
অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতীয় সেনাই পাকিস্তানত প্ৰৱেশ কৰি আজিলৈকে সৰ্ববৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । পহলগাম আক্ৰমণৰ পিছত যোৱা পোন্ধৰ দিনত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা অধিক তীব্ৰতৰ হৈ পৰে । উল্লেখযোগ্য যে শেহতীয়াকৈ পাকিস্তানে যুদ্ধবিৰতি বহু উলংঘা কৰিছে, সেয়া জম্মু-কাশ্মীৰৰ ভিতৰত সন্ত্ৰাসবাদী ষড়যন্ত্ৰ হওক, LoC ত গোলাবৰ্ষণ হওক বা কাৰ্গিলৰ যুদ্ধ হওক; ভাৰতীয় সেনাই সদায় সন্ত্ৰাসবাদী, অনুপ্ৰৱেশকাৰী আৰু পাকিস্তানী জোৱানক হত্যা কৰি আহিছে । কিন্তু এতিয়া ভাৰতে পাকিস্তানৰ ভিতৰত প্রৱেশ কৰি প্রতিশোধমূলক কার্য আৰম্ভ কৰিছে ৷
২০১৯ চনত ৬০, এতিয়া ১০০ কিলোমিটাৰৰ ভিতৰত আক্ৰমণ
১৯৭১ চনৰ যুদ্ধৰ সময়তো ভাৰতীয় বায়ুসেনাই পাকিস্তানত প্ৰৱেশ কৰি বিমান আক্ৰমণ চলাই বাংলাদেশক মুক্ত কৰিছিল । এতিয়া পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈ সাহসী ভাৰতীয় সেনাই পাকিস্তানৰ গভীৰতালৈ সোমাই সন্ত্ৰাসবাদী আত্মগোপন স্থানত আঘাত কৰিছে । তথ্য অনুসৰি সেনাই LoCৰ ভিতৰত প্ৰায় ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীক হত্যা কৰিছে । পাকিস্তানৰ সীমান্তৰ ইমান গভীৰতালৈ সোমাই কৰা এইটোৱেই প্ৰথম আক্ৰমণ । আপোনালোকৰ হয়তো মনত আছে যে ভাৰতীয় সেনাই ইয়াৰ পূৰ্বেও বালাকোটত আক্ৰমণ কৰিছিল । ২০১৯ চনত সেই বিমান আক্ৰমণো পাকিস্তানৰ ভিতৰত প্ৰায় ৬০ কিলোমিটাৰ দূৰত সংঘটিত হৈছিল । তাৰ পিছত জৈছ-ই-মহম্মদৰ আত্মগোপন স্থান ধ্বংস কৰা হয় ।
২৫ মিনিটত ২৬ জন সাধাৰণ নাগৰিকক হত্যা কৰাৰ প্ৰতিশোধ
এইবাৰ প্ৰায় ১০০ কিলোমিটাৰ ভিতৰত চলোৱা এই আক্ৰমণে দেখুৱাইছে যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পূৰ্বতকৈও ডাঙৰ পৰিকল্পনা কৰিছে । এই অভিযানে দেখুৱাইছে যে ভাৰতে কোনো মূল্যৰ বিনিময়ত সন্ত্ৰাসবাদ সহ্য কৰিব নোৱাৰে । ভাৰতে কেৱল PoKৰ ভিতৰতে নহয় ইছলামবাদ আৰু কৰাচীতো সন্ত্ৰাসবাদী ডিজাইনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ল’ব পাৰে । মাত্ৰ ২৫ মিনিটৰ এই অভিযান নিশা ১.৫ৰ পৰা ১.৩০ বজাৰ ভিতৰত সংঘটিত হয় । ২৫ মিনিটৰ ভিতৰতে ২৫ জন ভাৰতীয় আৰু ১ জন নেপালী নাগৰিকৰ হত্যাৰ প্ৰতিশোধ লোৱা হয় । অপাৰেশ্যন সেন্দূৰত প্ৰায় ১০০ সন্ত্ৰাসবাদী নিহত হয় ।
কিন্তু অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ পিছত ভাৰতীয় সেনাই পুনৰবাৰ সংবাদমেলযোগে পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰিছে । সেনাই স্পষ্টভাৱে বাৰ্তা দিছে যে এয়া কেৱল জোখ-মাখ কৰি চলোৱা আক্ৰমণ । অৰ্থাৎ কেৱল সন্ত্ৰাসবাদী শিবিৰ ভাঙি পেলোৱা হৈছে । যদি পাকিস্তানে সন্ত্ৰাসবাদক ৰোধ নকৰে আৰু জম্মু-কাশ্মীৰত অনুপ্ৰৱেশ বন্ধ নকৰে, তেন্তে এনে বিমান আক্ৰমণৰ বাবে সাজু থাকক বুলিও বাৰ্তা দিয়া হৈছে ।