শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এই দেশে গ্ৰহণ কৰিবলৈ ওলাইছে নতুন নিয়ম, প্ৰভাৱিত হ’ব ৭ লাখ ভাৰতীয়! কিদৰে পৰিব প্ৰভাৱ, চাওক

মধ্য প্ৰাচ্যৰ দেশ ওমানত বৃহৎ সংখ্যক ভাৰতীয় লোকে বসবাস কৰি আহিছে। অতি সম্প্ৰতি ওমানে দেশৰ ভিতৰত এক নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ সাজু হৈছে। এই নতুন নিয়মে দেশখনত বাস কৰা ভাৰতীয় লোকসকলকো প্ৰভাৱিত কৰিব।

এই দেশে গ্ৰহণ কৰিবলৈ ওলাইছে নতুন নিয়ম, প্ৰভাৱিত হ’ব ৭ লাখ ভাৰতীয়! কিদৰে পৰিব প্ৰভাৱ, চাওক
এই দেশৰ নতুন নীতিয়ে প্ৰভাৱিত কৰিব ৭ লাখ ভাৰতীয়কImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 28 Jun 2025 09:46 AM

বিশ্বৰ ভিন্ন দেশতে বসতি কৰি আহিছে ভাৰতীয় লোকে। মধ্য প্ৰাচ্যৰ দেশ ওমানতো বৃহৎ সংখ্যক ভাৰতীয় লোকে বসবাস কৰি আহিছে। অতি সম্প্ৰতি ওমানে দেশৰ ভিতৰত এক নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ সাজু হৈছে। এই নতুন নিয়মে দেশখনত বাস কৰা ভাৰতীয় লোকসকলকো প্ৰভাৱিত কৰিব। উপসাগৰীয় দেশসমূহৰ ভিতৰত ব্যক্তিগত আয়কৰ কাৰ্যকৰী কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে ওমান। দেশখনৰ এই সিদ্ধান্তৰে প্ৰভাৱ পৰিব ভাৰতীয় লোকসকলৰ ওপৰত।

ওমানত প্ৰায় ৭ লাখ ভাৰতীয় লোক বাস কৰে। এতিয়া ওমানৰ নতুন নিয়মে দেশখনত বাস কৰি অহা ভাৰতীয় লোকসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে, জানো আহক। মধ্য প্ৰাচ্যৰ এই দেশখনে ব্যক্তিগত আয়কৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰি ২০২৫ চনৰ ৫৬ নং ৰয়েল ডিক্রী জাৰি কৰিছে। অৱশ্যে দেশখনত এই ব্যক্তিগত আয়কৰ ব্যৱস্থা ২০২৮ চনৰ আৰম্ভণিতে বলবৎ হ’ব৷

এই নিয়মৰ অধীনত কেৱল উচ্চ পৰ্যায়ৰ আয়ৰ লোকসকলেহে কৰ দিব লাগিব৷ এই নিয়ম ২০২৮ চনৰ জানুৱাৰী মাহৰ পৰা ওমানত বলবৎ হ’ব। এই নিয়মৰ অধীনত প্ৰতি বছৰে ৪২,০০০ ওমানী ৰিয়ালৰ সীমাৰ ওপৰত উপাৰ্জন কৰা ব্যক্তিৰ ওপৰত ৫% কৰ আৰোপ কৰা হ’ব। অৱশ্যে ওমানৰ জনসংখ্যাৰ আয় অনুযায়ী মাত্ৰ ১ শতাংশ লোকহে এই কৰৰ আওতালৈ আহিব বুলিও কোৱা হৈছে।

অৰ্থাৎ প্ৰস্তাৱিত কৰ ব্যৱস্থাৰ বাবে নিৰ্ধাৰণ কৰা ধনৰাশিৰ সীমাৰ ওপৰত ওমানত মাত্ৰ ১ শতাংশ মানুহহে উপাৰ্জন কৰে।  সি যি কি নহওক এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে ওমান উপসাগৰীয় দেশসমূহৰ ভিতৰত ব্যক্তিগত আয়কৰৰ পৰিকল্পনা অনা আৰু এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুতি চলোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে কোনো উপসাগৰীয় দেশতে আয়কৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱা নাছিল।

এইদৰে উপসাগৰীয় দেশসমূহত কৰ্মৰত বৃহৎ সংখ্যক ভাৰতীয়ই আয়কৰ পৰিশোধ নকৰাকৈ থাকিব পাৰিছিল। কিন্তু এতিয়া ওমানে প্ৰৱৰ্তন কৰা নিয়মৰ বাবে ৪২ হাজাৰ ওমানী ৰিয়েল উপাৰ্জন কৰা ভাৰতীয়সকলেও কৰ পৰিশোধ কৰিব লাগিব। বিশেষজ্ঞসকলৰ মতে, ওমানে তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰে আৰু এই কাৰণতে দেশখনে এই পদক্ষেপ গ্ৰহণ কৰিছে।

ব্যক্তিগত আয়কৰ প্ৰকল্পৰ সঞ্চালক কৰিমা মুবাৰক আল ছাদীয়ে ওমান সংবাদ সংস্থাক জানিবলৈ দিয়া মতে, এই কৰ কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ওমান চৰকাৰে নতুন কৰ ব্যৱস্থা আনিবলৈ সাজু হৈছে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। সামাজিক সংবেদনশীলতাৰ প্ৰতি দৃষ্টি ৰাখি এই আইনখন প্ৰণয়ন কৰা হৈছে। দেশখনত বাস কৰা লোকসকলৰ ওপৰত কৰৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে কেইবাটাও দিশ কৰ্তন কৰা হৈছে বা আৰু ৰেহাই দিয়া হৈছে।

কৰ ৰেহাইৰ তালিকাত আছে-

শিক্ষাৰ খৰচ

স্বাস্থ্যসেৱাৰ খৰচ

উত্তৰাধিকাৰ

জাকাত (দান)

অনুদান

প্ৰাথমিক গৃহ নিৰ্মাণ