শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Jagannath Rath Yatra: কেবিনেট বৈঠকৰ পৰা জগন্নাথ ৰথ যাত্ৰালৈ দিনটোৰ শীৰ্ষ খবৰ

Jagannath Rath Yatra: কেবিনেট বৈঠকৰ পৰা জগন্নাথ ৰথ যাত্ৰালৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 27 Jun 2025 23:09 PM

আজি অনুস্থিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেবাটও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনাইছে। তাৰোপৰি আন কেবাটাও সিদ্ধান্তত অনুমোদন কেবিনেটৰ। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ...

আজি অনুস্থিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেবাটও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনাইছে। তাৰোপৰি আন কেবাটাও সিদ্ধান্তত অনুমোদন কেবিনেটৰ।

কেন্দ্ৰীয় কয়লা আৰু খনিজ মন্ত্ৰী জি কিষাণ ৰেড্ডিৰ উপস্থিতিত গুৱাহাটীৰ সোণাপুৰত অনুষ্ঠিত হৈছে উত্তৰ-পূৰ্বাঞ্চল খনি মন্ত্ৰীসকলৰ সন্মিলন। এই সন্মিলনত আজি অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে পাহাৰীয়া জিলাসমূহত খনিজ সম্পদ অন্বেষণৰ বাবে ৰোড মেপ প্ৰস্তুত কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

বিজেপিত যোগদান কৰাৰ পাছত কোনো বেয়া কাম কৰা নাই বুলি শুকুৰবাৰে এক সংবাদমেলত কয় জয়ন্ত মল্লবৰুৱাই। কংগ্ৰেছত থকা সময়ত কৰা বেয়া কামৰ দায়িত্ব কংগ্ৰেছে লব লাগিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ লগতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…