বাথৰুমত চিগাৰেট খালে কেনে ভয়ানক ক্ষতি হয় জানেনে?

28 June 2025

TV9 ASSAM

দেহৰ বাবে অত্যন্ত মাৰাত্মক চিগাৰেট। তথাপি বহুলোকে চিগাৰেট খায়। বহু লোকৰ আকৌ বাথৰুমত চিগাৰেট খোৱাৰ অভ্যাস আছে। পিছে এই অভ্যাসৰ ফল হ’ব পাৰে অতি ভয়ংকৰ।

চিগাৰেট

বাথৰুম সাধাৰণতে এক সৰু আৱদ্ধ ঠাই আৰু এই স্থানতে চিগাৰেটৰ ধোঁৱা জমা হৈ পৰে। ইয়াৰ ফলত বৃহৎ পৰিমাণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ হাওঁফাওঁত প্ৰৱেশ কৰে।

বিষাক্ত

সীমিত বায়ু চলাচলৰ বাবে বিষাক্ত গেছ (যেনে কাৰ্বন মনোক্সাইড) শৰীৰত প্ৰৱেশ কৰি উশাহ-নিশাহৰ সমস্যা, মূৰৰ বিষ, আনকি মূৰ্চ্ছা যোৱা আদি সমস্যাৰো সৃষ্টি কৰিব পাৰে।

সমস্যা

আৱদ্ধ স্থান হোৱাৰ বাবে ধূমপায়ীয়ে এৰি দিয়া ধোঁৱা পুনৰ উশাহত দেহৰ ভিতৰলৈ যায়, যাৰ ফলত স্বাস্থ্যৰ অধিক পৰিমাণে ক্ষতি হয়।

ক্ষতিকাৰক

গিজাৰ বা বৈদ্যুতিক হিটাৰ থাকিলে জুইৰ সম্ভাৱনা বৃদ্ধি পায়। বাথৰুমত জ্বলনশীল বস্তু যেনে টিছু পেপাৰ, টাৱেল আদি থাকিব পাৰে আৰু জুই জ্বলিলে সোনকালে বিয়পিব পাৰে।

জুই

ধোঁৱা আৰু দুৰ্গন্ধ বাথৰুমত দীৰ্ঘসময়লৈ থাকে, যাৰ ফলত ধূমপায়ীসকলৰ জীৱনত বৃহৎ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আৰ্দ্ৰ পৰিৱেশত ধোঁৱা আৰু ৰাসায়নিক পদাৰ্থই ভেঁকুৰৰ সৃষ্টি কৰিব পাৰে।

এনে সমস্যা

ধূমপান দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক। গতিকে, সুস্থ জীৱন যদি আপোনাৰ ধূমপান কৰাৰ অভ্যাস আছে যদি এই অভ্যাস ত্যাগ কৰাই উচিত।

কু-অভ্যাস

পঢ়িবলৈ ক্লিক কৰক 

ঘৰৰ সন্মুখত কাউৰীয়ে চিঞৰাটো অশুভ নেকি