উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত চাকৰি ঘূৰাই পাবনে APSC কেলেংকাৰীত অভিযুক্ত ৰাজপত্ৰিত বিষয়াই?
মুখ্যমন্ত্ৰীৰ মতে, ডিচচাৰ্জ পত্ৰত এতিয়া চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কাৰণ হিচাপে “অসন্তুষ্টিজনক প্ৰদৰ্শন”ৰ কথা উল্লেখ কৰা হ’ব, এপিএছচি কেলেংকাৰীৰ কথা উল্লেখ নকৰাকৈ, যাৰ ফলত ক্ষতিগ্ৰস্ত প্ৰাক্তন বিষয়াসকলে অন্য ঠাইত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব।

শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে শেহতীয়াকৈ অসম লোক সেৱা আয়োগৰ কুখ্যাত চাকৰি কেলেংকাৰি সন্দৰ্ভত গৌহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চাকৰিৰ পৰা বৰ্খাস্ত বিষয়াসকলক পুনৰ নিযুক্তি দিয়াৰ বাধ্যবাধকতা নাই। বৰঞ্চ তেওঁ কয় যে আদালতে কেৱল অভিযুক্ত বিষয়াসকলক ভৱিষ্যতে নিয়োগৰ সুযোগ বিচৰাত সহায় কৰিবলৈ “অকলংকিত” ডিচচাৰ্জ লেটাৰ জাৰি কৰাৰ নিৰ্দেশ দিছে।
গুৱাহাটীত সংবাদমেল সম্বোধন কৰি শৰ্মাই কয়, ‘‘আমি কালি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পৰীক্ষা কৰিলোঁ। বৰ্খাস্ত কৰা বিষয়াসকলক চাকৰিত পুনৰ নিযুক্তি দিয়াৰ কোনো নিৰ্দেশনা নাই। আদালতে কেৱল অনুৰোধ জনাইছে যে ডিচচাৰ্জৰ নিৰ্দেশত এ পি এছ চি কেলেংকাৰীৰ অভিযোগ থাকিব নালাগে।
মুখ্যমন্ত্ৰীৰ মতে, ডিচচাৰ্জ পত্ৰত এতিয়া চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কাৰণ হিচাপে “অসন্তুষ্টিজনক প্ৰদৰ্শন”ৰ কথা উল্লেখ কৰা হ’ব, এপিএছচি কেলেংকাৰীৰ কথা উল্লেখ নকৰাকৈ, যাৰ ফলত ক্ষতিগ্ৰস্ত প্ৰাক্তন বিষয়াসকলে অন্য ঠাইত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব।
অৱশ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সময়ত এতিয়াও পৰীক্ষামূলক অৱস্থাত থকা অসম আৰক্ষী সেৱাৰ বিষয়াসকলৰ ক্ষেত্ৰত এক বেলেগ পদ্ধতি প্ৰযোজ্য বুলি স্পষ্ট কৰি দিয়ে শৰ্মাই। ‘‘উচ্চ ন্যায়ালয়ে কৈছে যে যিহেতু তেওঁলোক প্ৰবেচনত আছিল, গতিকে চৰকাৰে তেওঁলোকক অস্থায়ীভাৱে ঘূৰাই ল’ব লাগিব আৰু তিনিমাহৰ ভিতৰত বিভাগীয় কাৰ্যবিধি সম্পূৰ্ণ কৰিব লাগিব। তাৰ পিছত তেওঁলোকক ধৰি ৰখা বা চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো চৰকাৰৰ ওপৰত নিৰ্ভৰশীল।‘’ মুখ্যমন্ত্ৰীয়ে কয়।
সম্প্ৰতি ৰাজ্য চৰকাৰে এ পি এছ বিষয়াৰ সন্দৰ্ভত বিশেষভাৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পৰাৰ সম্ভাৱনাৰ সন্ধান চলাই আছে বুলিও ডঃ শৰ্মাই কয়। “আমি পৰীক্ষা কৰি আছো যে এই বিষয়ক উচ্চতম ন্যায়ালয়লৈ আগুৱাই নিয়াৰ প্ৰয়োজন আছে নেকি।”
তেওঁ লগতে উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ৰ ৰায়দানে কাৰ্যকৰীভাৱে পুনৰ নিযুক্তিৰ বাবে “সকলো দুৱাৰ বন্ধ কৰি দিয়ে”। তেওঁ লগতে কয়, ‘‘মই শুনিছো যে চাকৰিৰ পৰা বৰ্খাস্ত কৰা কিছুমান বিষয়াই হয়তো উচ্চতম ন্যায়ালয়লৈ যাব পাৰে, কিয়নো এই আদেশে তেওঁলোকক কোনো অৰ্থপূৰ্ণভাৱে সহায় নকৰে।‘‘
২০১৬ চনত অসম লোকসেৱা আয়োগৰ কেলেংকাৰি ফাদিল কৰি চৰকাৰী চাকৰিৰ বাবে উৎকোচ দিয়া এক বৃহৎ নিযুক্তি কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল। আৰক্ষীৰ তদন্তৰ অংশ হিচাপে তেতিয়াৰ এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ কুমাৰ পাল আৰু ৫৭ জন চৰকাৰী কৰ্মচাৰীকে ধৰি ৭০ জনৰো অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।