বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ…
বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গোপন সূত্ৰৰ তথ্য ভিত্তিত গভীৰ নিশা দেৰগাঁৱত চলোৱা অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তক।

বোকাখাতৰ এটা CRPF শিবিৰত গ্ৰেনেড নিক্ষেপ কৰি বিস্ফোৰণ সংঘটিত কৰা ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মূল অভিযুক্ত অংকুৰ দাসক গ্ৰেপ্তাৰ কৰিছে বোকাখাত আৰক্ষীয়ে। গোপন সূত্ৰৰ তথ্য ভিত্তিত গভীৰ নিশা দেৰগাঁৱত চলোৱা অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত অংকুৰ দাসক। এই ঘটনাৰ তদন্তৰ অংশ হিচাপে ডাঙৰ সফলতা লাভ কৰিছে বোকাখাত আৰক্ষীয়ে।
যোৱা ২৪ জুনত সংঘটিত হোৱা এই গ্ৰেনেড বিস্ফোৰণত অসম আৰক্ষীৰ তিনিজন জোৱান আহত হৈছিল। আহত আৰক্ষীৰ জোৱান কেইজনৰ নাম সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিজ, আৰু মিন্টু হাজৰিকা। এই গ্ৰেনেড বিস্ফোৰণত আহত হোৱাৰ পাছতে বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল জোৱান কেইজনক।
প্ৰথম অৱস্থাত গোলাঘাট জিলা আৰক্ষীৰ তদন্তকাৰীয়ে এই ঘটনাৰে স্থানীয় চোৰাংচিকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ সৈতে সম্ভাৱ্য সম্পৰ্কৰ ইংগিত দিয়াৰ পিছতে তদন্তই নতুন ৰূপ ধাৰণ কৰে।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সংবাদ মাধ্যমক অৱগত কৰাৰ সময়ত এই বিষয়টো তীক্ষ্ণ তদন্তৰ আওতাত থকা বুলি নিশ্চিত কৰে। কিন্তু অভিযুক্ত বোকাখাতৰ অংকুৰ দাস আৰু ৰূপজ্যোতি দাস দুয়োজনেই গাড়ী ব্যৱহাৰ কৰি গ্ৰেনেড বিস্ফোৰণ কৰিছিল নেকি সেয়া নিশ্চিত কৰাৰ পৰা বিৰত থাকে।
এই পৰ্যন্ত এই আক্ৰমণৰ সৈতে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক হৈছে বোকাখাতৰ অংকুৰ দাস (মূল অভিযুক্ত),ৰূপজ্যোতি দাস, তেজপুৰৰ ভৱেশ কলিতা, লখিমপুৰৰ সঞ্জীৱ বৰুৱা আৰু পংকজ দাস আৰু কাকু দাস। পংকজ আৰু কাকু অংকুৰ দাসৰ ভাতৃ বুলি জনা গৈছে।
গ্ৰেপ্তাৰ কৰা আটাইকেজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে তেওঁলোক উগ্ৰপন্থী সংগঠনেৰে জড়িত নেকি সেয়া নিশ্চিত কৰিবৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, সূত্ৰ খবৰ অনুসৰি, তদন্ত অব্যাহত আছে। আৰক্ষীয়ে এই ঘটনাত সন্ত্ৰাসবাদী সংগঠন জড়িত থকাৰ কথা একে প্ৰকাৰে নুই কৰা নাই। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বোকাখাত আৰু ইয়াৰ আশে-পাশে নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে।