শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আগবাঢ়িছে দিল্লী বিস্ফোৰণৰ গোচৰৰ তদন্ত, NIAৰ জালত মুজাম্মিল-আদিলসহ ৪ জন

পাটিয়ালা হাউছ কোৰ্টে দিল্লী বিস্ফোৰণৰ গোচৰত তিনি চিকিৎসক ক্ৰমে মুজাম্মিল, আদিল, শ্বাহীন আৰু মৌলৱী ইৰফানক ১০ দিনৰ বাবে NIA-ৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তদন্ত সংস্থাটোৰ তদন্ত অনুসৰি আটাইকেইজন অভিযুক্তই আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আগবাঢ়িছে দিল্লী বিস্ফোৰণৰ গোচৰৰ তদন্ত, NIAৰ জালত মুজাম্মিল-আদিলসহ ৪ জন
দিল্লী বিস্ফোৰণৰ গোচৰত চাৰি অভিযুক্তক গ্ৰেপ্তাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 20 Nov 2025 18:58 PM

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত তদন্ত আগবঢ়াই নিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা NIA-ই। যোৱা ১০ নৱেম্বৰত সংঘটিত এই বোমা বিস্ফোৰণৰ গোচৰত তদন্তকাৰী সংস্থাটোৱে পুনৰ ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগে লগে এই গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। আজি দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টৰ প্ৰডাকচন ৱাৰেণ্টৰ ভিত্তিত জিম্মাত লোৱা এই চাৰিজনক শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে NIA-ই।

পাটিয়ালা হাউছ কোৰ্টে দিল্লী বিস্ফোৰণৰ গোচৰত তিনি চিকিৎসক ক্ৰমে মুজাম্মিল, আদিল, শ্বাহীন আৰু মৌলৱী ইৰফানক ১০ দিনৰ বাবে NIA-ৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তদন্ত সংস্থাটোৰ তদন্ত অনুসৰি আটাইকেইজন অভিযুক্তই আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আজি গ্ৰেপ্তাৰ হোৱা এই অভিযুক্তকেইজন হৈছে-

ডাঃ মুজাম্মিল শকীল গনাই (পুলৱামা, জম্মু আৰু কাশ্মীৰ)

ডাঃ আদিল আহমেদ ৰাথেৰ (অনন্তনাগ, জম্মু আৰু কাশ্মীৰ)

ডাঃ শ্বাহীন ছাইদ (লক্ষ্ণৌ, উত্তৰ প্ৰদেশ)

মুফতি ইৰফান আহমেদ ৱাঘাই (শ্ব’পিয়ান, জম্মু আৰু কাশ্মীৰ)

উল্লেখ্য যে যোৱা ১০ নৱেম্বৰত সংঘটিত হোৱা বিস্ফোৰণত কেইবাজনো নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়। এই বিস্ফোৰণত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ থকা বুলি ইতিমধ্যে নিশ্চিত কৰিছে কেন্দ্ৰই। ইতিপূৰ্বে এই গোচৰত আমিৰ ৰছিদ আলী আৰু জাছিৰ বিলাল ৱানী ওৰফে ডেনিছক গ্ৰেপ্তাৰ কৰা হৈছিল। বিস্ফোৰণত ব্যৱহৃত গাড়ীখন ৰছিদ আলীৰ নামত পঞ্জীয়ন আছিল।

অভিযুক্তৰ সন্ধানত NIA

আক্ৰমণকাৰীক কাৰিকৰী সহায় আগবঢ়োৱা ডেনিছক সমগ্ৰ ষড়যন্ত্ৰ আৰু মডিউলৰ নেটৱৰ্ক উন্মোচন কৰিবলৈ জেৰা কৰা হৈছে। এই তদন্তৰ দায়িত্ব NIAক ন্যস্ত কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ সহযোগত সংস্থাটোৱে এই সন্ত্ৰাসবাদী মডিউলৰ প্ৰতিজন সদস্যক গ্ৰেপ্তাৰৰ চেষ্টা চলাই আছে।