লিভাৰ নষ্ট কৰিব পাৰে এইসমূহ পানীয়ই...

20  Nov 2025

TV9 ASSAM

আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ যকৃত। ই শৰীৰৰ বিভিন্ন কাম কৰে। কিন্তু আজিকালি প্ৰায়ভাগ মানুহৰে যকৃতৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়।

যকৃত

সুৰাপানে যকৃতৰ স্বাস্থ্যৰ ক্ষতি কৰে। পিছে কেৱল সুৰাই নহয়, আন কিছুমান পানীয় আছে যিয়ে যকৃতৰ সমস্যা সৃষ্টি কৰিব পাৰে। এই সন্দৰ্ভত জনা দৰকাৰ।

পানীয়

চোডা আৰু চফ্ট ড্ৰিংক বেছিকৈ খালে দাঁত নষ্ট হয়। ইয়াৰ ফলত ই মেদবহুলতাৰ সৃষ্টি কৰে। ই পাছলৈ যকৃতৰ সমস্যা সৃষ্টি হোৱাৰ কাৰণ হ'ব পাৰে। গতিকে মিঠা পানীয় কমকৈ খাব লাগে।

চোডা আৰু চফ্ট ড্ৰিংক

প্ৰায়ভাগ মানুহে এনাৰ্জি ড্ৰিংক খায়। কিন্তু ইয়াত থকা চেনি আৰু অন্য উপাদানে যকৃতৰ ক্ষতিসাধন কৰে। গতিকে বেছিকৈ এনাৰ্জি ড্ৰিংক সেৱন কৰা বেয়া।

এনাৰ্জি ড্ৰিংক

বহুতে ভাল বুলি ভাবি পেকেটত লাভ কৰা ফলৰ ৰস খায়। কিন্তু এইবোৰ বেয়া। ইয়াত বহু পৰিমাণে চেনি থাকে। যিয়ে আমাৰ যকৃত লাহে লাহে নষ্ট কৰিব পাৰে।

ফ্ৰুট জুচ

প্ৰতিদিনে পুৱা মিঠা কফি আৰু ফ্লেভাৰ্ড চাহ খোৱা বেয়া। এই পানীয়ত চেনি থাকে। ইয়াৰোপৰি ফ্লেভাৰে যকৃতত হেঁচাৰ সৃষ্টি কৰে। ইয়াৰ ফলত ফেটি লিভাৰ হ'ব পাৰে।

মিঠা কফি

বহুতে চকলেট মিল্ক বা বিভিন্ন ধৰণৰ চেক খায়। যি ভাল নহয়। ই মেদবহুলতাৰ লগতে অন্য সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰৰ পৰা আঁতৰি থাকিব লাগে।

চেক

পঢ়িবলৈ ক্লিক কৰক 

নহৰুৰ উপকাৰ