শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Top9: মিঞা বিতৰ্কৰ পৰা অনিল কুম্বলেৰ কাজিৰঙা ভ্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

Top9: মিঞা বিতৰ্কৰ পৰা অনিল কুম্বলেৰ কাজিৰঙা ভ্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

Barasha Misra
Barasha Misra | Published: 19 Nov 2025 23:19 PM

আজি ধুবুৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ তীব্ৰ বাক্যবাণ এৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ কয় যে অহা নিৰ্বাচনত জয়ী হ'বৰ বাবে বিহাৰ, উত্তৰপ্ৰদেশৰ পৰা ভোটা আনিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই। কোনোবাই কংগ্ৰেছত যোগদান কৰিব খুজিলে মুখ্যমন্ত্ৰীয়ে ভয় খুৱাই বুলিও অভিযোগ তোলে গৌৰৱ গগৈয়ে।

আজিৰ দিনটোত ক’ত কি কি ঘটিছে? পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

১. মিঞা আৰু বিৰোধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিঞাসকলে জুবিন গাৰ্গৰ নাম লৈ উচ্ছেদ অভিযানৰ পৰা বাচিবলৈ চেষ্টা কৰা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে অখিল গগৈ জুবিন ক্ষেত্ৰলৈ গ’লেই তাত মিঞা ভৰি পৰে বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

২. আজি ধুবুৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ তীব্ৰ বাক্যবাণ এৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ কয় যে অহা নিৰ্বাচনত জয়ী হ’বৰ বাবে বিহাৰ, উত্তৰপ্ৰদেশৰ পৰা ভোটা আনিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই। কোনোবাই কংগ্ৰেছত যোগদান কৰিব খুজিলে মুখ্যমন্ত্ৰীয়ে ভয় খুৱাই বুলিও অভিযোগ তোলে গৌৰৱ গগৈয়ে।

৩. আজি ঘোষণা হ’ল ২০২৬ বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত পৰীক্ষাৰ সময় সূচী। সেই অনুসৰি অহা ১০ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা আৰু শেষ হ’ব ২৭ ফেব্ৰুৱাৰীত। একেদৰে হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত পৰীক্ষা অহা ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু অন্ত পৰিব ১৬ মাৰ্চত। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে এই কথা।

৪. চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বীৰ লাচিত সেনাৰ ৰণ্টু পানীফুকনক। চামগুৰি আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত শোণিতপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নেতাগৰাকীক। খিলঞ্জীয়া ৰাইজৰ সাহস আৰু আত্মবিশ্বাসৰ প্ৰত্যয় হিচাপে বীৰ লাচিত সেনা ঠিয় হৈ আছে আৰু থাকিব বুলি মন্তব্য কৰে ৰণ্টু পানীফুকনে। ইয়াৰ পূৰ্বে ধনদাবীৰ গোচৰত প্ৰথমে গুৱাহাটীত আৰু তাৰ পাছত শোণিতপুৰত গ্ৰেপ্তাৰ হৈছে নেতাগৰাকী।

৫. পৰ্যটন বিভাগত নিযুক্তিৰ কেলেংকাৰীৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত দুই অভিযুক্ত। ২০১২-১৩ বৰ্ষত সংঘটিত হৈছিল এই দুৰ্নীতি। চিএম ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিলে প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক। ইতিমধ্যেই দুয়োগৰাকী বিষয়াক নিলম্বন কৰিছিল চৰকাৰে।

৬. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ ভাৰতীয় কিংবদন্তী ক্ৰিকেটাৰ অনিল কুম্বলেৰ। বুধবাৰৰ পুৱা ভাগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে ভাৰতীয় কিংবদন্তী ক্ৰিকেটাগৰাকীয়ে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে হাতত কেমেৰা লৈ দৃশ্যবোৰ ধৰি ৰখাৰ চেষ্টা কৰা দেখা যায় কুম্বলেক। কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰা বুলি জনালে কুম্বলেই।