“ক্ষমা কৰিবা…”, এটা ফোন আৰু তাৰ পিছত পথাৰত উদ্ধাৰ স্বামীৰ মৃতদেহ! কি হৈছিল?
ফোন শেষ হোৱাৰ লগে লগে পত্নীয়ে আতংকিত হৈ লগে লগে লোকজনৰ ভাতৃক পথাৰলৈ পঠিয়াই দিলে। কিন্তু পৰিয়ালৰ লোক আহি পোৱাত তেজেৰে লুটুৰী-পুটুৰী অৱস্থাত পৰি আছিল অক্ষয়। তেওঁৰ ওচৰতে পিষ্টলটো উদ্ধাৰ হয়। মৃত লোকজনৰ নাম অক্ষয়, বয়স ৫৩ বছৰ।
উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ITBPৰ এজন অৱসৰপ্ৰাপ্ত জোৱানে বাছি ল’লে চৰম পন্থা। পথাৰত নিজৰ ওপৰতে গুলীচালনা কৰে অৱসৰপ্ৰাপ্ত জোৱানজনে। আত্মহত্যাৰ কিছু মিনিট আগতে তেওঁ পত্নীক ফোন কৰি শেষ কথা ক’লে, “মই এই পদক্ষেপ লৈছো, মোক ক্ষমা কৰিবা।”
ফোন শেষ হোৱাৰ লগে লগে পত্নীয়ে আতংকিত হৈ লগে লগে লোকজনৰ ভাতৃক পথাৰলৈ পঠিয়াই দিলে। কিন্তু পৰিয়ালৰ লোক আহি পোৱাত তেজেৰে লুটুৰী-পুটুৰী অৱস্থাত পৰি আছিল অক্ষয়। তেওঁৰ ওচৰতে অনুজ্ঞাপত্ৰ থকা পিষ্টলটো উদ্ধাৰ হয়। মৃত লোকজনৰ নাম অক্ষয়, বয়স ৫৩ বছৰ।
গগালহেডী অঞ্চলৰ নিৱাদা গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ মতে, অক্ষয়ে সন্ধিয়া পথাৰ চাবলৈ গৈছিল। অৱশ্যে তেওঁ পোনে পোনে সেই ঠাইলৈ গ’ল য’ত পৰিয়ালটোৱে পূৰ্বপুৰুষক পূজা কৰে। তাতে বহি তেওঁ আত্মঘাতী গুলী চলায়। ঘটনাস্থলীৰ পৰা ফৰেনছিক দলে পিষ্টল, কাৰ্টিজ আৰু অন্যান্য প্ৰমাণ উদ্ধাৰ কৰি ছীল কৰে। অক্ষয়ে দীৰ্ঘদিন ধৰি আই টি বি পিত সেৱা আগবঢ়াইছিল আৰু অৱসৰৰ পিছত পত্নী আৰু দুজন পুত্ৰৰ সৈতে চাখাৰেতী ৰোডত বাস কৰিছিল। খেতি চাবলৈ তেওঁ নিৱাদা গাঁৱলৈ আহ-যাহ কৰি আছিল।
অৱসৰৰ পিছত অক্ষয়ে এটা নিৰাপত্তা সংস্থা চলাইছিল। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত কিছুদিনৰ পৰা অক্ষয় মানসিকভাৱে অশান্তিত থকা বুলি জানিব পৰা গৈছে। অৱশ্যে এই মানসিক চাপৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে কল ৰেকৰ্ডকে ধৰি পৰিয়ালটোৰ পৰিস্থিতিৰ বিতং তদন্ত অব্যাহত ৰাখিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাক লৈ শোকত ভাগি পৰিছে গাঁওবাসী আৰু পৰিয়াল।