কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন অসম গণ পৰিষদৰ…
কোচ ৰাজবংশীৰ প্ৰতিবাদক সমৰ্থন অগপৰ। এই সন্দৰ্ভত অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কোৱা হয় যে, দলটোৱে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন কৰে।
কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন অসম গণ পৰিষদৰ। এই সন্দৰ্ভত অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠক অনুষ্ঠিত হয়। আজি বঙাইগাঁও জাহ্নৱী হোটেলত অনুষ্ঠিত হোৱা এই বৈঠকত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জনগোষ্ঠীটোৰ জাতীয় সংগঠনে অংশগ্ৰহণ কৰে।
অসমৰ অস্তিত্ব ৰক্ষা কৰিব লাগিলে অসমত ছয় জনগোষ্ঠীক জনজাতিকৰণ অবিহনে সম্ভৱ নহ’ব বুলি কয় অগপই। দলটোৱে সদায় ছয় জনগোষ্ঠীৰ সৈতে আছে আৰু থাকিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় কমিটিৰ সম্পাদক ধৰ্মেশ্বৰ ৰায়ে। বৈঠকত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দিপ্তীময়ী চৌধুৰী, প্ৰাক্তন বিধায়ক ভুপেন ৰায় বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহকে ধৰি বিভিন্নজন ।
বৈঠকত মিলিত হৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক বলোৰাম বৰ্মনৰ স্পষ্ট মন্তব্য, কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোক লাগিছে আৰু ভোকত থকাসকলে যিকোনো কাম কৰিব পাৰে । অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণৰ নকৰিলে পৰিণাম বিজেপি দলে ভুগিব লাগিব বুলি মন্তব্য কৰে তেওঁ।
