TV9 ASSAM
সম্প্ৰতি হৃদৰোগৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। এই সমস্যা পূৰ্বেই চিনাক্ত কৰি চিকিৎসা কৰিলে সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰিব পাৰি।
আমাৰ দেহত ভিন্ন ধৰণে হৃদৰোগৰ লক্ষণে দেখা দিয়ে। বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে ছালতো দেখা দিয়ে হৃদৰোগৰ কিছুমান লক্ষণ।
হৃদযন্ত্ৰই যদি ভালদৰে তেজ পাম্প কৰিব নোৱাৰিলে বা দুৰ্বল হৈ পৰিলে তৰল পদাৰ্থখিনি চাৰিওফালৰ কোষত জমা হ’ব পাৰে। ইয়াৰ ফলত ভৰি ফুলিব পাৰে।
বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে ছালত হালধীয়া কমলা ৰঙৰ গুটি দেখা যায়। ই ধমনী সংকুচিত কৰা আৰু হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে।
হাতৰ বা ভৰিৰ আঙুলিত টেমুনাৰ দৰে হৈ বিষ অনুভৱ কৰাটো হৃদযন্ত্ৰৰ ভালভত বেক্টেৰিয়াৰ সংক্ৰমণৰ কাৰণ হ’ব পাৰে।
বহু সময়ত নখৰ তলত ৰঙা বা বেঙুনীয়া ৰঙৰ ৰেখা বিচাৰি দেখা পাব পাৰে। ৰক্তবাহী নলী সংকুচিত হৈ ছাললৈ তেজৰ সোঁতত প্ৰভাৱ পেলালে এনে হ’ব পাৰে।
ছালত নীলা বা বেঙুনীয়া ৰঙৰ দাগ হৃদযন্ত্ৰই অক্সিজেনযুক্ত তেজ পাম্প কৰিব নোৱাৰাৰ ইংগিত হ’ব পাৰে, ইয়াৰ ফলত অক্সিজেনৰ মাত্ৰা কমি যায় আৰু কনজেষ্টিভ হৃদযন্ত্ৰ বিকল হয়।
পঢ়িবলৈ ক্লিক কৰক
শীতকালত পিঁয়াজৰ পাত হৈ পৰে মহৌষধ