পাকঘৰৰ এই বস্তু হৃদযন্ত্ৰৰ সমস্যাৰ কাৰণ!

20  Nov 2025

TV9 ASSAM

সকলোৰে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ হৃদযন্ত্ৰ। ইয়াৰ আমি সঠিকভাৱে যত্ন লোৱা প্ৰয়োজন। কিন্তু আজিকালি হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন ধৰণৰ সমস্যা হোৱা দেখা যায়।

হৃদযন্ত্ৰ

কিন্তু আপুনি জানেনে, আপোনাৰ পাকঘৰত থকা কিছুমান বস্তু হৃদযন্ত্ৰৰ সমস্যাৰ কাৰণ হ'ব পাৰে? গতিকে এই বস্তুবোৰ পাকঘৰত ব্যৱহাৰ কৰিব নালাগে।

পাকঘৰ

বেছিকৈ নিখম খোৱা বেয়া। ই ব্লাড প্ৰেচাৰ বৃদ্ধি কৰে লগতে হৃদযন্ত্ৰত হেঁচা প্ৰয়োগ কৰে। ইয়াৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায়। গতিকে নিমখ কমকৈ খাব লাগে।

নিমখ

ননষ্টিকৰ বাচন আজিকালি বহুতে ব্যৱহাৰ কৰে। যি বহুত বেয়া। ইয়াৰ পৰা ক্ষতিকাৰক কেমিকেল বাহিৰ হয়, যাৰ ফলত কলেষ্টেৰল বৃদ্ধি হৈ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে।

ননষ্টিক বাচন

প্লাষ্টিকৰ কাটিং বোৰ্ড বহুতে ব্যৱহাৰ কৰে। কিন্তু এয়া ব্যৱহাৰ কৰিলে ইয়াৰ পৰা সৰু সৰু প্লাষ্টিকৰ টুকুৰা বাহিৰ হৈ খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে।

প্লাষ্টিক কাটিং বোৰ্ড

পাষ্টিকৰ পাত্ৰত বহুতৰে খাদ্য ৰখাৰ অভ্যাস আছে। ইয়াত থকা বিপিএ খাদ্যত মিহলি হ'ব পাৰে। বিশেষকৈ গৰম খাদ্য প্লাষ্টিকৰ পাত্ৰত ৰাখিব নালাগে। ইয়াৰ ফলত ব্লা়ড প্ৰেচাৰ আৰু হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি হ'ব পাৰে।

প্লাষ্টিকৰ বাচন

ইয়াৰোপৰি অত্যধিক মচলা, বেছিকৈ তেলৰ ব্যৱহাৰ আদিয়ে আপোনাৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।

অন্য বস্তু

পঢ়িবলৈ ক্লিক কৰক

যকৃতৰ সমস্যাৰ কাৰণ