শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জ্বলাই লৈছিল কয়লা! বন্ধ কোঠাত উদ্ধাৰ ৪ শ্ৰমিকৰ মৃতদেহ…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ কেইজনমান শ্ৰমিকে কয়লা জ্বলাইছিল। কিন্তু তাৰ পাছতে তেওঁলোকৰ মৃত্যু হয়। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জ্বলাই লৈছিল কয়লা! বন্ধ কোঠাত উদ্ধাৰ ৪ শ্ৰমিকৰ মৃতদেহ…
ঘটনাস্থলী
barasha-sarma
Barasha Sarma | Published: 20 Nov 2025 11:00 AM

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। এটা কোঠাত উদ্ধাৰ ৪ জনকৈ শ্ৰমিকৰ মৃতদেহ। জানিব পৰা মতে, এই শ্ৰমিক কেইজনে জুই পুৱাবলৈ কয়লা জ্বলাইছিল। তাৰ পাছত তাতেই তেওঁলোকৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰা পাংকি থানা এলেকাৰ ডি-৫৮,চাইট নম্বৰ-২ ঔদ্যোগিত এলেকাত। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ পাছতে আৰক্ষীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনাৰ পৰা জ্বলি থকা কয়লা উদ্ধাৰ কৰিছে। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কয়লা জ্বলাইছিল। সেই কয়লাৰ পৰা নিৰ্গত কাৰ্বন মনোক্সাইডৰ বাবে শ্বাসৰুদ্ধ হৈ শ্ৰমিককেইজনে মৃত্যুক সাৱতি লয়। নিহত কেইজন হৈছে অমিত বৰ্মা (৩২), সঞ্জু সিং (২২), ৰাহুল সিং (২৩), আৰু দাউদ আনছাৰী (২৮) বুলি চিনাক্ত হৈছে। এই আটাইকেইজন দেওৰিয়া জিলাৰ টাৰকুলৱা থানা এলেকাৰ অন্তৰ্গত তৌকালপুৰ গাঁৱৰ বাসিন্দা আছিল।

তথ্য অনুসৰি, এই আটাইকেইজনে এটা কোম্পানীত শ্ৰমিক হিচাপে কাম কৰিছিল। ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কোম্পানীৰ চৌহদৰ এটা সৰু কোঠাত শুইছিল। কোঠাটো সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰাখিছিল, বায়ু চলাচলৰ বাবে বিশেষ কোনো ব্যৱস্থা নাছিল। সেই কোঠাতেই তেওঁলোকে কয়লা জ্বলাই ৰাখিছিল।

ইয়াৰ পাছতে আজি পুৱা যেতিয়া অন্য শ্ৰমিকে কোঠাৰ দুৱাৰ খোলে তেতিয়া আটাইকেইজনকে অচেতন অৱস্থাত উদ্ধাৰ কৰে। লগে লগে তেওঁলোকক হাস্পাতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। সন্দেহ কৰা হৈছে যে, কোঠাটো সম্পূৰ্ণ বন্ধ থকাৰ বাবে অক্সিজেনৰ পৰিমাণ কমি গৈছিল। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব ।

 

 

অন্য খবৰ পঢ়কঃ ছলমানৰ আহিব ডাঙৰ বিপদ! ২০২৬ চনত শ্বাহৰুখৰ ভাগ্যত কি আছে? জ্যোতিষীৰ ভৱিষ্যদ্বাণী…