শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কাৰাগাৰৰ ভিতৰতে সন্ত্ৰাসবাদী চিকিৎসকক আক্ৰমণ

কাৰাগাৰৰ ভিতৰতে সন্ত্ৰাসবাদী চিকিৎসকক আক্ৰমণ

Manas Borah
Manas Borah | Updated On: 20 Nov 2025 11:02 AM

তেওঁ হৈছে ডাঃ আহমেদ মহিউদ্দিন চৈয়দ। ইতিমধ্যে গুজৰাট এটিএছে গ্ৰেপ্তাৰ কৰিছে তেওঁক। দিল্লীৰ সৈতে তেওঁৰ সংযোগ থকা তথ্য লাভ কৰা গৈছে।

পেছাত এজন চিকিৎসক। হয়তো উদ্দেশ্য আছিল মানুহক সেৱা কৰাৰ। কিন্তু ইয়াৰ বিপৰীতে মানুহৰ প্ৰাণ লোৱাৰ কামত জড়িত হৈ পৰিল এই চিকিৎসকজন। দিনে ৰাতিয়ে পঢ়া-শুনা কৰি মেডিকেল উত্তীৰ্ণ হোৱাৰ পাছত হৈ পৰিল সন্ত্ৰাসবাদী। দিল্লীৰ দৰে এক বৃহৎ ৰাসায়নিক আক্ৰমণৰ পৰিকল্পনা কৰিছিল এইজন চিকিৎসকে।

তেওঁ হৈছে ডাঃ আহমেদ মহিউদ্দিন চৈয়দ। ইতিমধ্যে গুজৰাট এটিএছে গ্ৰেপ্তাৰ কৰিছে তেওঁক। দিল্লীৰ সৈতে তেওঁৰ সংযোগ থকা তথ্য লাভ কৰা গৈছে। কেৱল সেয়াই নহয়, খোৱাপানীত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই মানুহক হত্যাৰ পৰিকল্পনা কৰিছিল অভিযুক্তই। বৰ্তমান তেওঁৰ ঠিকনা কাৰাগাৰৰ বন্ধ কুঠৰী।