শীতৰ সমানেই প্ৰদূষণৰ প্ৰভাৱ, আপুনিও হয়তো অতিষ্ঠ হৈছে কাহৰ সমস্যাত? এনে আয়ুৰ্বেদিক উপায়েৰে পাব সকাহ
যদি প্ৰদূষণৰ ফলত হোৱা কাহ বৃদ্ধি পাইছে, তেতিয়া লক্ষণসমূহ চিনাক্ত কৰি সময়মতে যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। এইক্ষেত্ৰত কিছুমান আয়ুৰ্বেদিক উপায়ে যথেষ্ট সকাহ প্ৰদান কৰে। জানো আহক এই বিষয়ে।
ক্ৰমাৎ লাহে লাহে দেখা গৈছে শীতৰ প্ৰভাৱ। ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। সাধাৰণতে শীতৰ সময়ত নানা ৰোগে আমাক জুৰুলা কৰে। এনে ৰোগসমূহৰ ভিতৰত অন্যতম হ’ল কাহৰ সমস্যা। প্ৰদূষিত বায়ুত থকা মিহি কণিকাবোৰে ডিঙি আৰু হাওঁফাওঁৰ আৱৰণত প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলত শুকান কাহৰ সমস্যা অধিক হয়। বিশেষকৈ শিশু, বৃদ্ধ লোক আৰু পূৰ্বতে শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা লোকসকলৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়। গতিকে এইসময়ছোৱাত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়।
প্ৰদূষণৰ বাবে হোৱা এই কাহৰ সমস্যাৰ আৰম্ভণিতে কেইবাটাও লক্ষণ দেখা যায়- যেনে ডিঙিৰ বিষ, শুকান কাহ, বুকুৰ বিষ, উশাহ লোৱাত কষ্ট, ডিঙিৰ বিষ, নাক বন্ধ হোৱা আদি। পুৱা সাৰ পোৱাৰ লগে লগে বহু লোকে তীব্ৰ কাহ অনুভৱ কৰে। প্ৰদূষিত কণাবোৰ নিশাটোৰ ভিতৰতে শ্বাস-প্ৰশ্বাসতন্ত্ৰত জমা হোৱাৰ বাবে এনে হয়।
এই সমস্যা দীৰ্ঘদিন ধৰি থাকিলে ই ব্ৰংকাইটিছ, হাঁপানী, হাওঁফাওঁৰ সংক্ৰমণ, শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ আদি অধিক গুৰুতৰ সমস্যাৰ ৰূপ ল’ব পাৰে। স্থায়ী শুকান কাহৰ ফলত টোপনি, ভোক আৰু দৈনন্দিন কাম-কাজ আদিতো প্ৰভাৱ পৰে। গতিকে যদি প্ৰদূষণৰ ফলত হোৱা কাহ বৃদ্ধি পাইছে, তেতিয়া লক্ষণসমূহ চিনাক্ত কৰি সময়মতে যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ।
কাহ প্ৰতিৰোধৰ বাবে উপযোগী আয়ুৰ্বেদিক পদ্ধতি
দিল্লী চৰকাৰৰ আয়ুৰ্বেদৰ সঞ্চালক ডাঃ আৰ পি পৰাশৰে জানিবলৈ দিয়া মতে প্ৰদূষণজনিত কাহ নিয়ন্ত্ৰণৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শ্বাস-প্ৰশ্বাস তন্ত্ৰ পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়। পুৱা প্ৰথমতে কুহুমীয়া পানীৰ লগত হালধি মিহলাই খোৱাটো উপকাৰী বুলি গণ্য কৰা হয়। হালধিত থকা কাৰকুমিনে প্ৰদাহ কমায় আৰু সংক্ৰমণ ৰোধ কৰে।
তুলসী দিয়া চাহ, তুলসী-আদাৰ চাহে ডিঙি পৰিষ্কাৰ কৰে আৰু কাহত সকাহ দিয়ে। উশাহত গৰম পানীৰ ভাপ লোৱাতো এইক্ষেত্ৰত অতি ফলপ্ৰসূ। ইয়াৰ দ্বাৰা কফ ঢিলা হয় আৰু উশাহ-নিশাহ সহজ হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদত চাৱনপ্ৰাশ, সীটোপালদী গুড়ি আৰু মুলেথি গুড়িও ব্যৱহাৰ কৰা হয়। ঘৰতে ঘিউৰ লগত হালধি মিহলাই খালে কাহ আৰু ডিঙি শুকান হোৱাৰ পৰাও উপশম পোৱা যায়।
লগতে গুৰুত্বপূৰ্ণ এইসমূহ উপায়ঃ
বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰিব লাগে।
প্ৰতিদিনে পুৱা আৰু গধূলি ৪-৫খিলা তুলসীৰ পাত খাব লাগে।
ঘৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰক।
ধূলিময় আৰু ধোঁৱাময় ঠাই পৰিহাৰ কৰক।
হাইড্ৰেটেড হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে।