মোক ক্ষমা কৰি দিবা…মৃত্যুৰ পূৰ্বে লিখি যোৱা ১৬ বছৰীয়া কিশোৰৰ কথাই কন্দুৱাব আপোনাক…
এটি ১৬ বছৰীয়া কিশোৰে এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পাছতে পিতৃ-মাতৃয়ে এজন শিক্ষকৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
মাত্ৰ ১৬ বছৰীয়া এজন কিশোৰে জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মূলতঃ মহাৰাষ্ট্ৰৰ ছাংগলীৰ নিবাসী এই কিশোৰ ছাত্ৰজনে দিল্লীৰ ৰাজেন্দ্ৰ প্লেচ মেট্ৰ’ ষ্টেচনৰ পৰা জপিয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন নোট উদ্ধাৰ কৰিছে, যাৰ পাছত বিষয়টো আৰু অধিক জটিল হৈ পৰিছে। ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
কিশোৰজন দিল্লীৰ ছেইণ্ট কলম্বা স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল। মঙলবাৰ (১৮ নৱেম্বৰ)য়ে ছাত্ৰজনে স্কুলৰ পৰা আহি এই কাণ্ড সংঘটিত কৰে। ছাত্ৰজনে লিখি যোৱা নোটত তেওঁ এই সিদ্ধান্তৰ বাবে তিনিজন শিক্ষকক দোষাৰোপ কৰিছে। তেওঁৰ পিতৃয়ে দাবী কৰিছে যে, বিগত এবছৰ ধৰি কিশোৰজনে শিক্ষকৰ পৰা মানসিকভাৱে হাৰাশাস্তি পাই আহিছিল।
জানিব পৰা মতে, নৃত্যৰ আখৰা কৰি থকাৰ সময়ত কিশোৰজন বাগৰি পৰে। তেতিয়া তেওঁ সামান্য আঘাত পাই আৰু কান্দিব ধৰে। কিন্তু সেই সময়ত কোনো শিক্ষকে তেওঁক সহায় কৰা নাছিল। বৰঞ্চ এজন শিক্ষকে কয় যে, “যিমান ইচ্ছা কান্দি থকা, মোৰ কোনো আহে নাযায়”। এই সময়ত আন এজন শিক্ষকেও তেওঁক ঠেলি দিয়ে। পৰিয়ালৰ লোকৰ মতে, যেতিয়া এই ঘটনা সন্দৰ্ভত তেওঁলোকে অভিযোগ দাখিল কৰিছিল তেতিয়া বিদ্যালয় কৰ্তৃপক্ষই সেয়া আওকাণ কৰে।
কি লিখিছিল নোট
ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন নোট। য’ত ছাত্ৰজনে লিখিছে- “মোক ক্ষমা কৰি দিয়া মা। মোৰ শেষ ইচ্ছা হ’ল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হওক”। তেওঁ আৰু লিখে- ”মই দেউতাৰ ওচৰতো ক্ষমা বিচাৰিছো। ক্ষমা কৰি দিয়া। এইটো মোৰ শেষ উপায়। মোৰ শেষ ইচ্ছা, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হওক যাতে আন ছাত্ৰই এই সিদ্ধান্ত লবলগীয়াত নপৰে। প্ৰয়োজন হ’লে মোৰ অংগ দান কৰিব”।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পোহৰলৈ অহা তথ্য অনুসৰি কিশোৰজনে বহু দিন ধৰি মানসিক চাপত আছিল। স্কুলত শিক্ষকৰ ককৰ্থনা, অপমানে তেওঁক ভাঙি পেলাইছিল। বৰ্তমান পৰ্যন্ত বিদ্যালয় কৰ্তৃপক্ষই কোনো আনুষ্ঠানিত মত প্ৰকাশ কৰা নাই। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ পৰা চীনৰ নতুন প্ৰজেক্টলৈ, পুৱাৰ খবৰসমূহ…