শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দীৰ্ঘদিন ধৰি বাস কৰি আছিল অসমত, শীঘ্ৰে ৰাজ্য এৰিব লাগিব ৫ বাংলাদেশীয়ে…

অসমত থকা ৫ জন বাংলাদেশী যাব লাগিব নিজ দেশলৈ। অবৈধ অনুপ্ৰৱেশকাৰীক "বিদেশী" বুলি ঘোষণা কৰি ২৪ ঘন্টাৰ ভিতৰত ৰাজ্য এৰি যাবলৈ জাননী জাৰি কৰিছে। বৰ্তমান তেওঁলোকক বিচাৰি অভিযান চলি আছে।

দীৰ্ঘদিন ধৰি বাস কৰি আছিল অসমত, শীঘ্ৰে ৰাজ্য এৰিব লাগিব ৫ বাংলাদেশীয়ে…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
Barasha Sarma
Barasha Sarma | Published: 21 Nov 2025 07:51 AM

বিগত সময়চোৱাত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে বহু ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ৫ জন লোকক ‘বিদেশী’ ঘোষণা কৰি ১৯৫০ চনৰ বহিষ্কাৰ আইনৰ অধীনত ২৪ ঘন্টাৰ ভিতৰত ৰাজ্য এৰি যাবলৈ জাননী জাৰি কৰা হৈছে। আভ্যন্তৰীণ নিৰাপত্তাৰ খাতিৰত এই সিদ্ধান্ত লোৱা বুলি কৈছে চৰকাৰে। অৱশ্য এই লোকসকলক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে।

জানিব পৰা মতে, এতিয়ালৈকে কোনো এজন লোক আগবাঢ়ি অহা নাই। তদন্তকাৰী সংস্থাসমূহৰ মতে, এই ব্যক্তিসকলক বিদেশী ন্যায়াধিকৰণে (এফ টি) “বিদেশী” বুলি ঘোষণা কৰিছিল। ইয়াৰ পাছতে চৰকাৰী নিয়ম অনুসৰি চৰকাৰী আঁচনিৰ পৰাও তেওঁলোকৰ নাম আঁতৰ কৰা হ’ব। তথ্য অনুসৰি, ২০০৬ চনত আৰক্ষী অধীক্ষকে (সীমান্ত) পঞ্জীয়ন কৰা গোচৰৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পিছে এই সিদ্ধান্তক লৈ কেইবাটাও মুছলিম সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছে।

৫জন কোন কোন

প্ৰশাসনে উল্লেখ কৰা অনুসৰি, এই ৫ জন লোকে দীৰ্ঘদিন ধৰি অসমত বাস কৰি আহিছে। কিন্তু তেওঁলোক বাংলাদেশ নাগৰিক। তেওঁলোক ক্ৰমে-হানুফা, মৰিয়াম নেছা, ফাতিমা, মনোৱাৰা, আৰু আমজাদ আলী বুলি চিনাক্ত কৰা হৈছে।  চিনাক্তকৰণৰ পূৰ্বে তেওঁলোকৰ বিষয়ে আৰক্ষীয়ে সকলো তথ্য সংগ্ৰহণ কৰিছিল। সেই অনুসৰি তেওঁলোক শোণিতপুৰ জিলাৰ জামুগুৰিহাট থানা এলেকাৰ ধোবোকাটা গাঁৱত বাস কৰিছিল।

সময়সীমা কি

শোণিতপুৰ জিলা উপায়ুক্ত (ডি চি) আনন্দ কুমাৰ দাসে ১৯৫০ চনৰ আইনৰ অধীনত ১৯ নৱেম্বৰত এই আদেশ জাৰি কৰিছিল। সেই অনুসৰি, ২৪ ঘন্টাৰ ভিতৰত তেওঁলোকক ধুবুৰী/শ্ৰীভূমি/দক্ষিণ ছালমাৰা-মানকাচৰ পথেৰে যাবলগীয়া আছিল। বৃহস্পতিবাৰে শেষ হয় এই সময়সীয়া। কিন্তু এতিয়ালৈকে তেওঁলোক ঘূৰি যোৱা নাই।

অন্য খবৰ পঢ়কঃ চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ পৰা চীনৰ নতুন প্ৰজেক্টলৈ, পুৱাৰ খবৰসমূহ…