গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত উদ্ধাৰ ১০ হাজাৰ কিলো বিস্ফোৰক, আঁৰত আছিল নেকি কোনো ভয়ংকৰ পৰিকল্পনা!

গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলায় আৰু জব্দ কৰে বিস্ফোৰকখিনি। ক’ৰ পৰা আহিল এই বিপুল পৰিমাণৰ বিস্ফোৰক? আঁৰত আছিল নেকি কোনো ভয়ংকৰ উদ্দেশ্য? কোনো ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনাৰে মজুত কৰা হৈছিল নেকি এই বিস্ফোৰকখিনি?

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত উদ্ধাৰ ১০ হাজাৰ কিলো বিস্ফোৰক, আঁৰত আছিল নেকি কোনো ভয়ংকৰ পৰিকল্পনা!

উদ্ধাৰ বৃহৎ বিস্ফোৰক

Updated On: 

26 Jan 2026 | 11:39 AM

আজি দেশে উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ভাৰতীয় গণতন্ত্ৰৰ এই মহানতম দিনটোৰ উদযাপনৰ পূৰ্বে উদ্ধাৰ হয় বিপুল পৰিমাণৰ বিস্ফোৰক। এটা পৰিত্যক্ত গুদামৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ১০ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক। ক’ৰ পৰা আহিল এই বিপুল পৰিমাণৰ বিস্ফোৰক? আঁৰত আছিল নেকি কোনো ভয়ংকৰ উদ্দেশ্য? কোনো ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনাৰে মজুত কৰা হৈছিল নেকি এই বিস্ফোৰকখিনি? এনে বহু কেইবাটাও প্ৰশ্নই এতিয়া জোৱাৰ তুলিছে দেশবাসীৰ মনত।

জানিব পৰা মতে, যোৱা ২৪ জানুৱাৰী, শনিবাৰে নিশা ৰাজস্থানৰ নগৌৰ জিলাৰ হৰছৌৰ গাঁৱৰ এটা পৰিত্যক্ত গুদামৰ পৰা ৯,৫৫০ কেজি এমোনিয়াম নাইট্ৰেট উদ্ধাৰ কৰা হয়। মুঠ ১৮৭টা বেগত ভৰাই থোৱা হৈছিল এই বিস্ফোৰকখিনি। গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলায় আৰু জব্দ কৰে বিস্ফোৰকখিনি।

আৰক্ষীয়ে লগতে চুলেমান খান নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত চুলেমানৰ বিৰুদ্ধে তিনিটা অপৰাধমূলক গোচৰ থকা বুলি জানিব পৰা গৈছে। প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে কেইবাটাও বিস্ফোৰণত এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছিল। শেহতীয়াকৈ যোৱা নৱেম্বৰ মাহত লালকিল্লাৰ সমীপত এখন গাড়ীত সংঘটিত হোৱা বিস্ফোৰণত এমোনিয়াম নাইট্ৰেটৰো ব্যৱহাৰ কৰা হৈছিল।

এমোনিয়াম নাইট্ৰেটৰ লগতে আৰক্ষীয়ে ৯ কাৰ্টন ডিটনেটৰ, ১২ কাৰ্টন নীলা তাঁৰ আৰু ৫টা বাণ্ডিল ৰঙা তাঁৰ উদ্ধাৰ কৰিছে। এনে সামগ্ৰীৰ ব্যৱহাৰ কৰি বিস্ফোৰক প্ৰস্তুতৰ পৰিকল্পনা কৰা হৈছিল বুলি প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰা হৈছে।

অৱশ্যে অভিযুক্তই জেৰাৰ সময়ত আৰক্ষীক আন এক কথাহে উল্লেখ কৰিছে। অভিযুক্ত চুলেমান খানৰ মতে, ৰাজস্থানৰ অবৈধ খননৰ লগত জড়িত লোকসকলক এই বিস্ফোৰক সামগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছিল।

আপোনাৰ ছালত দেখিছে নেকি এনে লক্ষণ? সাৱধান, নীৰৱে বাঢ়িব পাৰে ব্লাড চুগাৰ!
কোনে খাব নালাগে কেঁচা জলকীয়া? জানক...
হৰম'নৰ পৰিবৰ্তন হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইবোৰ খাদ্যই বৃদ্ধি কৰে কলেষ্টেৰলৰ মাত্ৰা! চিকিৎসকৰ পৰা জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...